বায়ু প্ৰদূষণত ২০১৯ত দেশত মৃত্যু ১৬ লাখ লোকৰ

1233071d700f5e0a96f87420513e9958dcb91ce1

কৰ’না ভাইৰাছৰ সংক্রমণে দেশবাসীক কঁপাই ৰখাৰ সময়তে এক নতুন আতংকৰ তথ্য পােহৰলৈ আহিল। এই আতংকৰ নাম হৈছে বর্ধিত বায়ু প্ৰদূষণ। শেহতীয়া এক সমীক্ষাৰ তথ্য অনুসৰি ২০১৯ত দেশত মানুহৰ মৃত্যুৰ অন্যতম এক কাৰণ আছিল বায়ু প্ৰদূষণ। যােৱা বছৰত ভাৰতত প্রত্যক্ষ বা পৰােক্ষভাৱে বায়ু প্ৰদূষণৰ অহাৰ ফলত ১৬ লাখ লােকৰ মৃত্যু হৈছিল।

‘ষ্টেট অৱ গ্ল’বেল এয়াৰ’ শীর্ষক সমীক্ষাৰ ২০১৯ প্রতিবেদনৰ তথ্য অনুসৰি এই বৃহৎসংখ্যক লােকৰ অকাল মৃত্যুৰ বাবে দায়ী ঘৰুৱা লগতে বাহিৰৰ বায়ু প্ৰদূষণ। এই সমীক্ষাত লগতে প্ৰকাশ পােৱা মতে, ২০১০ৰ পৰা ২০১৯ সময়ছােৱাত দেশৰ বায়ুমণ্ডলত বিষাক্ত দ্রব্যৰ পৰিমাণ বৃদ্ধি পাইছে । ২০১৯ত ঘৰুৱা বায়ু প্ৰদূষণত সামান্য লেকাম লগােৱা সম্ভৱ হ’লেও ঔদ্যোগিক তথা বাহিৰৰ বায়ু প্ৰদূষণ নিয়ন্ত্রণ কৰা সামান্যও সম্ভৱ হােৱা নাছিল ।

বিশ্বৰ অন্যান্য দেশৰ তুলনাত ভাৰতৰ দৰে দক্ষিণ এছিয়াৰ দেশসমূহ বায়ু প্ৰদূষণ ৰােধৰ ক্ষেত্ৰত বহু পিছপৰি আছে।  নিয়ন্ত্রণহীন বায়ু প্ৰদূষণৰ ফলত মানুহৰ আয়ুস হ্রাস পােৱাৰ সন্দৰ্ভত বিশেষজ্ঞসকলে পূর্বে একাধিকবাৰ সতর্কবাণী দিছিল।

প্রতিবেদনৰ তথ্য অনুসৰি ২০১৯ত ১৬ লাখ লােক দেশত বর্ধিত বায়ু প্ৰদূষণৰ কবলত পৰি প্রাণ হেৰুৱাইছিল আৰু ইয়াৰে ৬০ শতাংশৰ মৃত্যু হৈছিল হাওঁফাওঁৰ চি অ’ পি ডি ৰােগৰ ফলত । আন লােকসকলৰ মৃত্যুৰ কাৰণ আছিল হাওঁফাওঁৰ অন্যান্য ৰােগ আৰু হৃদপিণ্ডৰ ৰােগ । এই আটাইবােৰ ৰােগৰ মূল কাৰণ হৈছে দেশৰ বর্ধিত বায়ু প্ৰদূষণ।

বিশেষজ্ঞসকলে উদ্বেগ প্রকাশ কৰি জনােৱা মতে, সদ্যোজাতৰ ক্ষেত্ৰতাে বায়ু প্ৰদূষণে ভয়াৱহ প্ৰভাৱ পেলােৱাৰ তথ্য লাভ কৰা হৈছে। একমাত্র বায়ু প্ৰদূষণৰ ফলতে যােৱা বছৰত ভাৰতত কমেও এক লাখ ১৬ হেজাৰ নৱজাতকৰ মৃত্যু হৈছিল বুলিও সমীক্ষাটোৰ তথ্যত প্রকাশ । ২০১৯ত দেশত মৃত্যু হােৱা সদ্যোজাতৰ ২১ শতাংশই প্রাণ হেৰুৱাইছিল বর্ধিত বায়ু প্ৰদূষণৰ পৰিণতিত ।

শিশুৰ অকাল মৃত্যুৰ ক্ষেত্ৰত ঘৰুৱা বায়ু প্ৰদূষণে সবাতােকৈ অধিক প্রভাৱ পেলাইছে বুলিও প্রতিবেদনটোত প্রকাশ। স্বাস্থ্য বিষয়ক সমস্যাসমূহৰ ভিতৰত বায়ু প্ৰদূষণ সবাতােকৈ উদ্বেগজনক বিষয়ত পৰিণত হৈছে বুলিও সমীক্ষাটো চলােৱা হেলথ এফেক্টছ ইনষ্টিটিউটে মত ব্যক্ত কৰিছে।

Exit mobile version