নানকাৰভয়ৰাত “সেউজী সেউজী”ৰ কবিতাৰে শৰৎ উৎসৱ

IMG 20201023 WA0016

প্ৰায় অৰ্দ্ধ শতিকা জুৰি প্ৰকাশ পাই অহা একমাত্ৰ অসমীয়া কাব্য আলোচনী “সেউজী সেউজী”য়ে যোৱা ২০ অক্টোবৰত “সেউজী সেউজী” জলমঞ্চত কবিতা গীত নৃত্যৰে শৰৎ উৎসৱ অনুষ্ঠিত কৰে । ডিডি অসমৰ সহযোগত “সেউজী সেউজী”ৰ উদ্যোগত ৰাতিপুৱা ১১ বজাত প্ৰণীতা কোঁৱৰৰ দলে থিয়নাম প্ৰদৰ্শন কৰে ।

চেগুন বাগানৰ মাজত প্ৰাকৃতিক ভাৱে নিৰ্মাণ কৰা মঞ্চত কবি সকলে “গছে-বনে শৰৎ-আবেলি” শীৰ্ষক কবিতাৰ অনুষ্ঠান আৰম্ভ কৰে । গোটেই পুখুৰীৰ পাৰ আৰু চেগুন বাগান হাতে লিখা কবিতাৰ ফেষ্টুনেৰে সজাই তোলা হয় ।

সমগ্ৰ অসমৰে শতাধিক কবিয়ে অংশগ্ৰহণ কৰাৰ লগতে অনুষ্ঠানত কবি ড: পূৰ্ণ ভট্টাচাৰ্য, দেৱপ্ৰসাদ তালুকদাৰ, ধ্ৰুবকুমাৰ তালুকদাৰ, বৰ্ণালী ভৰালী, মৃদুল হালৈ, অংকুৰ ৰঞ্জন শইকীয়া , অলকেশ কলিতা, কুকিল শইকীয়া, দীপালিমা দত্ত, মামণি ডেকা, নিবেদিতা হাজৰিকা, জেচমিন বেগম, দিবাকৰ ৰেণু, টুটুল মানব, বিনীতা গোস্বামী, তৃষ্ণা লহকৰ, মঞ্জুৰাণী হালৈ, বিভা দত্ত, জ্যোৎস্নাৰাণী বৰ্মন, বৰষা বৈশ্য, ইশিতা জিমি শৰ্মা, জংকি শৰ্মা আদি নপুৰণি কবি সকলে কবিতা পাঠ কৰে।

অনুষ্ঠানত গীত পৰিৱেশন কৰে ৰাজশ্ৰী দাস, ত্ৰিদীপ মেধি আদিয়ে। বাঁহী বাদন প্ৰদৰ্শন কৰে পৰমানন্দ দাসে। শৰতৰ আবেলি অনুষ্ঠানটো আঁত ধৰে ত্ৰিবেণী গোস্বামী আৰু অবণী চৌধুৰীয়ে । লগতে কেনভাচত চিত্ৰ অংকন কৰে বিখ্যাত চিত্ৰশিল্পী আমিনুল হক আৰু দৰ্শণা শৰ্মাই । দিনৰ অনুষ্ঠানৰ শেষত সকলোকে কৃতজ্ঞতা জনায় “সেউজী সেউজী “ৰ মুখ্য সম্পাদক তৰুণ বৰ্মনে। তাৰ পাছত সন্ধিয়া জলমঞ্চত আৰম্ভ হয় “শৰতৰ সন্ধিয়া “শীৰ্ষক গীত কবিতা নৃত্যৰ অনুষ্ঠান ।

উক্ত অনুষ্ঠানৰ আঁত ধৰে ত্ৰিদিপ মেধি আৰু কবি প্ৰণৱ কুমাৰ বৰ্মনে । আদৰণি ভাষণ আগবঢ়ায় সেউজী সেউজীৰ সম্পাদক পুলক বৰ্মনে । ৰাজশ্ৰী দাসৰ বন্দনাৰে আৰম্ভ হোৱা অনুষ্ঠানটিত নৃত্য পৰিবেশন কৰে প্ৰখ্যাত নৃত্যশিল্পী ৰাজশ্ৰী কলিতাই । তাৰপাছত ডঃ ৰঞ্জনা ভট্টাচাৰ্যই কবিতাৰ ওপৰত ভাষণ দিয়ে ।

এই অনুষ্ঠানত নলবাৰীৰ স্থানীয় কবি সকলে কবিতা পাঠ কৰে । গীত পৰিৱেশন কৰে গুণজিত পাঠক,ৱবিজয় প্ৰকাশ মেধি, নন্দকিশোৰ ভূঞা, হৃষিকেশ শৰ্মা, হিমাংশু শৰ্মা, হিমাংশু দাসে ।

Exit mobile version