পূজাৰ বিশেষ

121093168 4158863544129297 2921137525109962370 o

“আগৰ দৰে পূজাৰ উৎসৱমুখৰ পৰিৱেশ নাই যদিও মনত উগুল থুগুল মনোভাৱ এটা নিশ্চয় লাগি আছে।সাধাৰণতে পুজা বুলি ক’লেই কিছুদিন আগৰ পৰাই আমি নিজকে সাজু কৰি তোলো । কিন্তু এইবাৰ পৰিস্থিতি ইমান দুখলগা হৈ পৰিছে  যাৰ বাবে এইবাৰ আগৰ দৰে নিশা পূজা চাই আনন্দ কৰাৰ  প্ৰশ্নই নাহে । আনহাতে শিলপুখুৰীত যিখিনি ঘৰুৱা পূজা কৰা হয় তাত সামাজিক দূৰত্ব মানি পূজা আগবঢ়াম । প্ৰত্যেকদিনা যাব নোৱাৰিলেও নিৰ্দিষ্ট পূজাৰ দিনকেইটাত অঞ্জলি ল’বৰ বাবে যাবৰ চেষ্টা কৰিম।  বিশেষকৈ বিহু আৰু পূজাটো হৈছে  সকলোৰে বাবে ডাঙৰ উৎসৱ । কিন্তু এইবাৰ উপায় নাই, এনে ভয়াবহ পৰিস্থিতিৰ বাবে এনেদৰেই চলিব লাগিব । আনহাতে, প্ৰত্যেকবাৰৰ দৰে এখন বিশেষ পূজালৈ পূজা আগবঢ়াম আৰু শিলপুখুৰীৰ নামঘৰলৈ যাম  ।

“পৰিস্থিতি নিয়ন্ত্ৰণত থাকিলে  শান্তিপুৰৰ পূজা, গীতানগৰ পূজা , লক্ষীমন্দিৰৰ পূজা আৰু লতাশিলৰ পূজা চাম৷সঁচা কথা ক’বলৈ গ’লে এইবাৰ দুখ লাগিছে।  দুৰ্গা পূজা বুলি ক’লে যিটো উৎসাহ, কামৰ পৰা আজৰি পোৱা যায়, এইবাৰ সেইখিনি নাই । এটা বিষয় ভাল লাগিছে যে, এইবাৰ দুৰ্গাপূজাৰ মূৰ্তি উপস্থাপনৰ ক্ষেত্ৰত অলপ সুকীয়াকৈ চাবলৈ পাব ভক্তসকলে । দুৰ্গামাক দুৰ্গাৰ ৰূপত নহয়, সম্প্ৰতি পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি দুৰ্গাদেৱীৰ ৰূপত কৰ’নাৰ যুদ্ধত যুঁজ দিয়া চিকিৎসক বা নাৰ্ছক দেখুৱাবলৈ চেষ্টা কৰা হৈছে । সেয়ে এনেকুৱা এটা পৃথক বিষয়বস্তুক চাবলৈ আগ্ৰহেৰে বাট চাই আছো ৷

“আনহাতে, পূজা বুলি ক’লেই সাধাৰণতে আমাৰ মনলৈ আহে জাক জমকতা আৰু ৰং বিৰঙী পৰিৱেশ । লগতে উজ্জ্বল ৰঙবোৰে আমাক বেছিকৈ আকৰ্ষিত কৰে । কিন্তু প্ৰত্যেকবাৰৰ দৰে এইবাৰ বিশাল পূজাৰ আয়োজন কৰা নহ’ব সেয়ে এইবাৰ খুব উজ্জ্বল ৰঙৰ কাপোৰ পৰিধান নকৰো । যদি এইবাৰ ওলাই যোৱা হয়, হাতকটা ব্লাউজৰ লগত পাতল ৰঙৰ হালধীয়া বা অন্য পাতল  ৰঙৰ হেণ্ডলুম বা কপাহী শাৰী বা মেখেলা চাদৰ পৰিধান কৰিম । পূজাৰ সময়ত সাধাৰণতে অলপ ঠাণ্ডা অনুভৱ কৰো । এইবাৰ সেই ঠাণ্ডা অনুভৱ কৰা নাই ৷ সেয়ে দিনত বা নিশা ওলাই যোৱাৰ সময়ত পাতল মেকআপ বা নিউড মেকআপ আৰু পাতল  আইশ্যেডো লগাই নিজকে সজাই পৰাই তুলিব পাৰিব যুৱতীসকলে ।”

পূজাৰ বতৰত  ব্যস্ত হৈছো ব্ৰাইডেল ফটোশ্বুট বা বিভিন্ন ধৰণৰ ফটোশ্বুটত  । তলাবন্ধৰ সময়ছোৱাত কৰা এখন অসমীয়া ৱেব চিৰিজো অতি সোনকালেই দৰ্শকৰ মাজলৈ আগবঢ়াই দিম ৷”

Exit mobile version