আজি মহাষ্টমী, বৰষুণে অধিক ম্লান কৰিলে দুৰ্গোৎসৱক

IMG 20201024 094609

এটা ক্ষুদ্রাতি-ক্ষুদ্র বিষাণুৱে ছানি ধৰা পৰিৱেশতে উদযাপিত হৈছে শাৰদীয় দুর্গোৎসৱ। আজি মহাষ্টমী। কৰ’না নামৰ এই বিষাণুৱে এইবাৰ দেৱীৰ আৰাধনাত সৃষ্টি কৰিছে বাধাৰ। সপ্তমী আৰু অষ্টমী মানেই পূজা মণ্ডপে মণ্ডপে বিৰ দি বাট নােপােৱা অৱস্থা হয়। এইবাৰ সেই পৰিৱেশ নাই। তথাপি যি অনুষ্টুপীয়া আয়ােজন কৰা হৈছে তালৈস্বাস্থ্য বিভাগে বান্ধি দিয়া নীতি-নিয়মৰ মাজেৰে আগমন ঘটিছে ভক্ত ।

প্রত্যেকে অনুসৰণ কৰিব লগা হৈছে মাস্ক পৰিধান, সামাজিক দূৰত্ব ৰক্ষাকে ধৰি সতর্কতামূলক ব্যৱস্থাৱলী । মহানগৰীৰ প্ৰসিদ্ধ গণেশগুৰিৰ বাৰােৱাৰী পূজা মণ্ডপত সপ্তমী দিনা পূজাৰীয়ে আজি এই সংক্রান্তত কয় যে মানুহ আহিছে কিন্তু সেয়া প্রকৃত অর্থত অহা বুলি ক’ব নােৱাৰি । গতিকে এইবাৰৰ পূজাৰ পৰিৱেশ অতি সেৰেঙা। অৱশ্যে অষ্টমীৰ দিনটোত সপ্তমীৰ তুলনাত মানুহৰ সমাগম পূজা মণ্ডপবােৰত বৃদ্ধিৰ সম্ভাৱনা ব্যক্ত কৰিছে মহানগৰীৰ কে’বাখনাে পূজা উদ্যাপন সমিতিয়ে। কাৰণ মহাঅষ্টমীৰ পূজাৰ বিশেষ মাহাত্ম্য আছে বুলি ভক্তসকলে বিশ্বাস কৰে। গতিকে আজি উদযাপন সমিতিসমূহে অধিক সতর্কতা অৱলম্বনৰ ব্যৱস্থা কৰিছে ।

এনে সীমিত আয়ােজনৰ বাবেই বহু পূজা সমিতিৰ বাজেট এইবাৰ কে’বাগুণাে কম। যিখিনি নকৰিলে নহয় সেইখিনিয়েই অন্তত ভাল লগাকৈ সজাই তােলাত সকলােৱে গুৰুত্ব দিছে। এই প্ৰভাৱ পৰিছে প্রতিমাসমূহতাে । উদাহৰণ স্বৰূপে গণেশগুৰিৰ বাৰােৱাৰী পূজা মণ্ডপৰ প্ৰতি বছৰে মূল আকর্ষণ হ’ল প্রতিমাৰ। এইবাৰ তাৰ তুলনাত এখন সাধাৰণ প্রতিমা বেদীত স্থাপন কৰি পূজা-অর্চনা কৰা হৈছে। পূজা মণ্ডপৰ পৰিসৰাে পূর্বৰ তুলনাত আধাতকৈ কম কৰা হৈছে । পাণ্ডুৰ বিখ্যাত ৰেষ্ট কেম্পৰ পূজাৰাে এইবাৰ পৰিচিত আলােকসজ্জাৰ চমক নাই। তাৰ পৰিৱর্তে স্থায়ী পূজাস্থলীৰ মণ্ডপকে আকর্ষণীয় ৰূপত তুলি ধৰাৰ চেষ্টা কৰা হৈছে।

মহানগৰীৰ বৃহৎ পূজাবােৰৰ অন্যতম গীতানগৰৰ পূজা ভাগাে আগৰ তুলনাত সাধাৰণভাৱে কৰা হৈছে। পূজাখনৰ এইবাৰৰ বাজেট সর্বাধিক তিনিলাখ টকা। ভক্তই বহু দূৰৰ পৰাই সেৱা জনােৱা আৰু পূজা অর্চনা কৰাৰ ব্যৱস্থা কৰা হৈছে।কাহিলিপাৰা আৰু লালগণেশৰ আকর্ষণীয় পূজাও এইবাৰ সাধাৰণভাৱে কৰা হৈছে। তেনেদৰে মহানগৰীৰ শান্তিপুৰ ইছগেটৰ বিশাল আয়ােজনৰ পূজাভাগ কেৱল মাত্ৰ পৰম্পৰা ৰক্ষা কৰিবলৈহে আয়ােজন কৰা হৈছে। এয়া গুৱাহাটীৰ চিত্ৰ। ৰাজ্যৰ আন আন প্রান্ততাে এইবাৰৰ আয়ােজন অতি অনুষ্টুপীয়া ।

সপ্তমীৰ দিনটোত বহু পূজাস্থলীত ভবাতকৈয়াে কম লােক সমাগম হােৱাৰ মূল কাৰণ হ’ল শীতৰ আগমনৰ বতৰা দি পুৱাৰে পৰা আৰম্ভ হােৱা কিনকিনিয়া বৰষুণজাক। অৱশ্যে ইয়াৰ মাজতে কামাখ্যাত অন্য পূজা মণ্ডপৰ তুলনা যথেষ্ট সংখ্যক ভক্তৰ সমাগম হয়। শক্তিপীঠখনত পূজাৰ কাৰ্যসূচীত ভাগ লােৱা আৰু মন্দিৰ দৰ্শনৰ বাবে প্রায় ডেৰ হেজাৰ লােকৰ আগমন হয়। অৱশ্যে মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া ভূপেন শর্মাই জনায় যে অইনবাৰ পূজাৰ সময়ত এদিনতে ৩০-৪০ হেজাৰ লােকৰ আগমন হয়। গতিকে তাৰ তুলনাত এইবাৰৰ ভক্তৰ সংখ্যা যথেষ্ট কম।

উল্লেখ্য যে কামাখ্যালৈ যােৱা প্ৰতিজন ভক্তৰ স্বাস্থ্য পৰীক্ষা কৰিহে প্রৱেশৰ অনুমতি দিয়া হয়। তাৰ ফলতাে বহু লােকে প্ৰৱেশ কৰিব নােৱাৰিলে। কামাখ্যাত সপ্তমীৰ দিনা পাঁচটা মহ বলি দিয়া হয়। ইয়াৰে এটা ম’হ মন্দিৰৰ পৰা আগবঢ়োৱা হয় । আন চাৰিটা ভক্তই দেৱীলৈ আগবঢ়ায়। উগ্রতাৰা দেৱালয়তাে পৰম্পৰা ৰক্ষা কৰি দিনটো পূজা-অর্চনা চলে। পূজা সেৰেঙা হােৱা বাবে তাৰ প্ৰভাৱ পৰিছে বাহ্যিক ক্ষেত্ৰখনতাে।

এইবাৰ পূজা মণ্ডপৰ কাষত নাই পূর্বৰ ৰং-বিৰঙৰ বিপণী। নাই উৰি থকা বেলুনৰ লহৰ; নাই আনকি পেঁপা, হুইছেলৰ বিকট আৰাও। পূজা বুলি বিশেষভাৱে মুকলি কৰা অস্থায়ী খাদ্য বিপণীও এইবাৰ নাই। ৰাজপথৰ পৰা এইবাৰ প্ৰায় উধাও হৈছে যৌৱনােচ্ছল ডেকা-গাভৰুৰ মিছিল। অৱশ্যে পূজা মণ্ডপৰ ওচৰে পাঁজৰে তেনে যৌৱনৰ দুই এক জুম বহিলেও তাত নাই স্বাভাৱিক দিনৰ উচ্ছলতা।

Exit mobile version