তেজপুৰত যান্ত্ৰিক দুৰ্ঘটনাত নিহত শ্ৰমিক

suicide representation

তেজপুৰ দোলাবাৰিত যান্ত্ৰিক দুৰ্ঘটনাত নিহত হৈছে এজন শ্ৰমিক । তিনিমাইলত থকা এটা পেভাৰ ব্লক নিৰ্মাণ ফেক্টৰীত সংঘটিত হয় এই দুৰ্ঘটনা । মেচিন পৰিষ্কাৰ কৰি থাকোতে হঠাৎ মেচিনটো চলাই দিয়াত চাফা কৰি থকা শ্ৰমিকজন মেচিনৰ ভিতৰত সোমাই যায়।

ৰুহুল আমিন নামৰ জাহাজডুবাৰ শ্ৰমিক গৰাকী মেচিনে মহতীয়াই পেলোৱাত থিতাতে নিহত হয়। ইয়াৰ পিছতে এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় । ফেক্টৰীৰ মালিক, কৰ্মচাৰীৰ সকলে ফেক্টৰী এৰি পলায়ন কৰে । উত্তেজিত ৰাইজে ৰাখে ব্লক প্ৰস্তুত ফেক্টৰীটো দীৰ্ঘ সময় ধৰি ঘেৰাও কৰে ।

Exit mobile version