তেজপুৰৰ ১২২বছৰীয়া পূজা অনুষ্ঠিত

IMG 20201024 225037

বতৰে বিধি পথালি দিলেও তেজপুৰত আজি সুকলমেই অনুষ্ঠিত হৈ গ’ল দুৰ্গোৎসৱৰ অষ্টমী পূজা ভাগ ৷ তেজপুৰৰ ১২২বছৰীয়া বেংগলী অবৈতনিক নাট্য মন্দিৰৰ পূজাস্হলীত মহা অষ্টমী পূজাৰ সন্ধি পূজাত দেখা গ’ল ভক্ত প্ৰাণ ৰাইজৰ ভিৰ ৷

ক’ভিদ প্ৰট’কল মানি চলা এইখন পূজাৰ প্ৰৱেশ পথতে প্ৰতিজন দৰ্শনাৰ্থীয়ে চেনিটাইজাৰ ব্যৱহাৰ কৰিহে পূজাস্হলীত প্ৰবেশৰ অনুমতি দিয়া হয় ৷ ১২২ বছৰ পূৰ্বে আৰম্ভ হোৱা এইখন পূজাত পূৰ্বে জীৱ বলি দিয়া হৈছিল ৷

সময়ৰ পৰিৱৰ্তনৰ লগে লগে বলি দিয়া প্ৰথা বন্ধ কৰা এইখন পূজা সমিতিয়ে বৰ্তমান নৱমীৰ সন্ধি পূজাৰ সময়ত কোমোৰা বলি দি নিয়ম পালন কৰি আহিছে ৷ পূজাৰ মাংগলিক আৰু আনন্দময় পৰিৱেশত অঞ্জলী গ্ৰহণ কৰে ভক্ত সকলে ৷

Exit mobile version