তেজপুৰ আৰু নগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

IMG 20201024 212730

সম্প্ৰতি ভয়াৱহ ড্ৰাগছৰ কবলত পৰিছে নৱ প্ৰজন্মৰ একাংশ ৷ ইয়াৰ মাজতে তেজপুৰত মাৰাত্মক ড্ৰাগছৰ ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷ তেজপুৰ আৰু নগাৱঁত তেজপুৰ আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলায় ৷ বৰবিহ ড্ৰাগছৰ সৰবৰাহ আৰু সেৱনত জড়িত বৃহৎ দল ৷

এই অভিযানত গ্ৰেপ্তাৰ ১৩ জনকৈ ড্ৰাগছ সৰবৰাহকাৰী আৰু সেৱনকাৰীক গ্ৰেপ্তাৰ কৰে । অভিযানত মুঠ ১১টা ড্ৰাগছ ভৰ্ত্তি কন্টেইনাৰ আৰু আঠটা খালী কন্টেইনাৰ, ১৭ টা ম’বাইল আৰু ২৭৫০ টকা নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ জব্দ কৰা ড্ৰাগছসমূহ ব্ৰাউন চুগাৰ বুলি ধাৰণা কৰা হৈছে ৷

আৰক্ষীয়ে প্ৰকাশ কৰা মতে গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ সৰবৰাহকাৰী আৰু সেৱনকাৰী সকল হৈছে তেজপুৰ মাজগাঁও নিকামূলৰ প্ৰীতম চৰকাৰ, অবিনাশ চৌধুৰী, মেছ সেনচোৱা, জসস্কৰ কলিতা ওৰফে জোন, মৰাভৰলীৰ ছাজিদ আহমেদ, গৰৈমাৰীৰ ধীৰাজ গগৈ, মাধুৰ্য্য বৰগোহাঁই, কটন ৰ’ডৰ দৰ্পণ কটকী, নেপালীপট্টিৰ আশ্বিক মোস্তাফা, হজৰা পাৰৰ কন্দৰ্প নাথ, ডেকাৰগাঁৱৰ দেবাংগ পূজাৰী, নগাঁও বৰঘূলিৰ আইজুল ইছলাম আৰু আব্দল মালেক ৷

Exit mobile version