বিজনীত ঐতিহাসিক বুঢ়ি ঠাকুৰানী মন্দিৰত মৃন্বয় মুৰ্তিহীন ৩৩৫ সংখ্যক ৰজাদিনীয়া দূৰ্গা পূজা উদযাপন

IMG 20201024 WA0026

চিৰাং জিলাৰ বিজনীৰ ভেটাগাঁওস্থিত ঐতিহাসিক বুঢ়িঠাকুৰণী থানত মৃন্বয় মুৰ্তিহীন ৩৩৫ সংখ্যক দূৰ্গা পূজা আৰম্ভ হৈছে।। এই বেলি বুঢ়িঠাকুৰাণী থানত কভিডৰ বাবে সম্পুৰ্ণভাৱে চৰকাৰী নীতি নিয়ম পালন কৰি আজি মহাঅষ্টমী পূজা অনুষ্ঠিত হয়। সামাজিক দূৰত্ব বজাই ৰাখি ভক্তপ্ৰাণ ৰাইজে বৰষুণৰ মাজতে বিজনীৰ বুঢ়িঠাকুৰাণী থানত দেৱীৰ আৰাধনা কৰে। ১৬৮৬ ত কোচ ৰজা বিজিত নাৰায়নে স্থাপন কৰা

এই থানত তেতিয়াৰে পৰা চলি আহিছে বলি বিধান । কিন্ত কভিডৰ বাবে এই বাৰৰ পুজাত বলি বিধান নহব বুলিও জনায় থান পৰিচালনা সমিতিৰ সভাপতি দিপক বৰ্মনে।

ৰজাদিনীয়া এই ঐতিহাসিক বুঢ়িঠাকুৰাণী নামেৰে জনাজাত এই থান। বুঢ়িঠাকুৰাণী থানত কোনো মৃন্ময় মূৰ্তি নাই । ইয়াত তিনি দিনীয়াকৈ অনুষ্ঠিত হয় এই ঐতিহাসিক দুৰ্গা পুজা। সপ্তমী, অষ্টমী আৰু নৱমী তিনি দিনীয়াকৈ পালন কৰে দূৰ্গা পূজা। ইয়াত বলি বিধানো হয়। মন্দিৰটোত মৃন্ময় মূৰ্তি নথকাৰ বাবে দশমী পুজা অনুষ্ঠিত কৰা নহয়। কোচৰজাৰ দিনৰে পৰা ১৬৮৬ চনতে স্থাপিত বুঢ়ীঠাকুৰণী থানখনত চলি আহিছে দূৰ্গা পূজা।বুঢ়িঠাকুৰাণী থান দূৰ্গা মন্দিৰত এই বছৰত অইন অইন বছৰৰ দৰে এইবাৰ মানুহৰ কোনো তেনে বিশেষ ধৰণৰ সমাগম দেখিব পোৱা নগল যদিও ভক্ত প্ৰাণ ৰাইজৰ সহাৰি ক’ভিড ১৯ৰ মাজতো আশাব্যাঞ্জক ।

Exit mobile version