তেজপুৰত নৱৰাত্ৰিত দেৱী দুৰ্গাৰ ৰূপত দেখা গ’ল নগৰাকী জীৱন্ত দুৰ্গাক

IMG 20201025 134606

তেজপুৰৰ কেতেকীবাৰীত নৱৰাত্ৰিৰ দিনা দেৱী দুৰ্গাৰ ৰূপত দেখা গ’ল নগৰাকী জীৱন্ত দুৰ্গা ৷ দশভূজাৰ নটা ৰূপ জীৱন্ত ভাৱে যোৱা নিশা প্ৰদৰ্শিত হ’ল তেজপুৰত ৷

 

 

তেজপুৰৰ কেতেকীবাৰীস্হিত ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয় শাৰদীয় দুৰ্গোৎসৱত একেৰাহে এই সকল দেৱী ৰূপী জীয়ৰীয়ে দৰ্শকৰ সন্মুখত স্হিৰ ভাৱে থকাও পৰিলক্ষিত হয় ।

এই জীৱন্ত দেৱী দুৰ্গাৰ লগতে ভিন্ন ৰূপত দেখা পোৱা যুৱতী সকল ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ সদস্যা ৷ আনহাতে, দীঘলীয়া ধ্যান আৰু একাগ্ৰতাৰ বাবেই তেওঁলোকে এনেদৰে প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিয়ে ৷

Exit mobile version