বঙাইগাঁওৰ ঐতিহাসিক শক্তিপীঠ বাঘেশ্বৰী মন্দিৰত আজি ম’হ বলিৰে মহানৱমী উদযাপন

IMG 20201025 WA0020

ঐতিহাসিক শক্তিপীঠ বাঘেশ্বৰী মন্দিৰত মৃন্বয় মূৰ্তিবিহীন ভাৱে উদযাপন কৰা হয় দুৰ্গা পূজা । প্ৰতিকুল বতৰকো নেউচি মহা নৱমীৰ পূজা আগবঢ়াবলৈ ভক্তৰ সোঁত দেখিবলৈ পোৱা যায় । প্ৰায় পাঁচশ বছৰ পুৰণি বঙাইগাঁৱৰ ঐতিহাসিক শক্তিপীঠ মা বাঘেশ্বৰী মন্দিৰত প্ৰাচীন পৰম্পৰাৰে মা দুৰ্গা দেৱীক আৰাধনা কৰা হয় ।

পৰম্পৰাগত নীতি অনুসৰি সপ্তমী, অষ্টমী আৰু নৱমী পূজাৰে সমাপ্ত হোৱা এই পূজা দশমীৰ দিনা মন্দিৰত থকা প্ৰাচীন তৰোৱাল খন বাঘেশ্বৰী মন্দিৰৰ কাষতে থকা পুখুৰীত ধুৱে। তিনিদিনীয়াকৈ অনুষ্ঠিত পূজাত প্ৰতিদিনেই হাঁহ, পাৰ, ছাগলী বলি দিয়া হয়। আৰু নৱমীৰ দিনাও বাঘেশ্বৰী মন্দিৰত দুটা মহ বলিৰে অন্ত পৰে পূজা ।

নামনি অসমৰ অন্যতম শক্তিপীঠ মা বাঘেশ্বৰী মন্দিৰত প্ৰাচীন পৰম্পৰাৰে দুৰ্গাদেৱীৰ প্ৰতিমূৰ্তিৰ সলনি ৰজাদিনীয়া তৰোৱালক পূজা আগবঢ়োৱা হয় ।এইবাৰ কৰ’না অতিমাৰীৰ আতংকৰ বাবে প্ৰশাসনে জাৰি কৰা নিয়ম সুচাৰুৰূপে পালন কৰি দুৰ্গা দেৱীক আৰাধনা কৰে ভক্তসকলে ।

Exit mobile version