ৰঙাপৰাত বন্যহস্তীৰ আক্ৰমণত নিহত এজন

PicsArt 10 25 09.11.16

ৰঙাপৰাত বন্যহস্তীৰ আক্ৰমণত নিহত হয় এজন লোক । শনিবাৰে নিশা সোনাজুলি চাহ বাগিচাৰ পৰা নিজ গৃহ ঢুলাপাদুঙলৈ বুলি আহি থকাৰ সময়তে বৰজুলি চাহ বাগিচাৰ ৫নম্বৰ চেকচনত বিচৰণ কৰি ফুৰা বন্যহস্তীয়ে আক্ৰমণ কৰাত ঢুলাপাদুং চাহ বাগিচাৰ সুৰেন মানকি মুৰাৰ ২৪ বছৰীয়া পুত্ৰ বিকি মানকি মুৰা নিহত হয়।

আজি পুৱা বিকিৰ মৃতদেহ স্থানীয় লোকে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত ঘটনাস্হলীত আৰক্ষী উপস্হিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । এইবাৰ ৰঙাপৰাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হোৱাৰ এইটো তৃতীয় ঘটনা ৷

Exit mobile version