কয়লা কেলেংকাৰীত অভিযুক্ত দিলীপ ৰয়ক ৩ বছৰৰ কাৰাদণ্ড

382446 dileep ray

■ ১৯৯৯ত ঝাৰখণ্ডত কয়লা ব্লকৰ অভিযোগত আজি প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী দিলীপ ৰয়ক তিনি বছৰৰ বাবে কাৰাদণ্ডৰে দণ্ডিত কৰা হয়।
■ দিলীপ ৰয়ৰ বাহিৰেও চিবিআইৰ বিশেষ আদালতে এই অভিযোগত অভিযুক্ত অন্য দুজন লোকক তিনিবছৰৰ বাবে কাৰাদণ্ড দিয়ে।
■বিশেষ ন্যায়াধীশ Bharat Prasharয়ে দোষী সাব্যস্ত হোৱা লোকসকলৰ বিৰুদ্ধে প্ৰত্যেকৰে ১০ লাখ টকাৰ জৰিমনা ঘোষণা কৰে।
■ দিলীপ ৰয়ৰ উকীলে জামিন আৰু দোষী সাব্যস্তৰ বিৰুদ্ধে আদালতত আবেদন কৰাৰ সিদ্ধান্ত লৈছে বুলি সূত্ৰত প্ৰকাশ।
■ ১৯৯৯ত ঝাৰখণ্ডৰ গিৰিডিহস্থিত ব্ৰহ্মডিহা কয়লা ব্লকৰ চিটিএলৰ স’তে সম্পৰ্কিত ঘটনাত কেন্দ্ৰীয় মন্ত্ৰীজনৰ নাম সাঙুৰ খাইছিল ।

Exit mobile version