চিৰাঙৰ বিজনী পাণবাৰীত অসামাজিক কাৰ্য‍কলাপৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযান

IMG 20201026 WA0018

চিৰাং জিলাৰ পানবাৰী থানাৰ আৰক্ষীয়ে অসামাজিক কাৰ্য‍কলাপৰ বিৰুদ্ধে অভিযান চলাই বগিদ্বাৰা গাঁৱৰ পৰা তিৰ খেলৰ এজন এজেন্টক এটা মোবাইল সহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । গ্ৰেপ্তাৰ হোৱা তিৰ খেলৰ এজেন্টজন বগিদ্বাৰা গাঁওৰ নাজিৰুল ইছলাম (১৯) বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে আৰু পাণবাৰী থানাত এই সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ জুৱাখেল প্ৰতিৰোধী আইনৰ ১৪ নং অনুচ্ছেদ অনুসৰি ১৭৫/২০ নম্বৰ গোচৰ পঞ্জীয়ন কৰে ।

ADVERTISEMENT

উল্লেখ্য যে দীৰ্ঘদিনৰ পৰাই জিলাখনৰ ভিতৰুৱা গ্ৰামাঞ্চলত তিৰ খেলৰ জৰিয়তে সাধাৰণ দৰিদ্ৰ কৃষকক লুণ্ঠন কৰিছিল বুলি অভিযোগ উত্থাপন হৈ আহিছে । লগতে বিজনী মহকুমাৰ অন্তৰ্গত বিভিন্ন ঠাইত অবৈধ ভাৱে জুৱা খেলৰ ৰমৰমীয়া বেহা চলাই যোৱাৰ অভিযোগ উত্থাপিত হৈছে । ইতিমধ্যে জানিব পৰা মতে পাণবাৰী থানাৰ অন্তৰ্গত পালেংবাৰী, গৰাইমাৰী, আলুখুন্দা, পাণবাৰী, ফাঁচী বজাৰ, ছুইচগেট , ১, ২নং বিষ্ণুপুৰ বজাৰ আদি বিভিন্ন অঞ্চলত এতিয়াও বহু কেইজন তিৰ খেলৰ এজেন্ট আছে আৰু আৰক্ষীয়ে পৰৱৰ্তী সময়ত সেই সকলৰ বিৰুদ্ধেও বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ।

আনহাতে, বিজনী পাণবাৰী অঞ্চলৰ কে’বাজনো তিৰ মাফিয়াৰ নেতৃত্বত বিভিন্ন ঠাইত তিৰ আৰু IPLৰ নামত খেলৰ এক বৃহৎ নেটৱৰ্কে দীৰ্ঘদিনৰ পৰাই অঞ্চলটোৰ লুণ্ঠন চলাই আছিল আৰু তাৰ বাবে বিভিন্ন সামাজিক সংস্থাই আৰক্ষীক অভিযোগ দাখিল কৰিছিল । কিন্তু তাৰ পিছতো চলি আছিল তিৰখেলৰ ৰমৰমীয়া ব্যৱসায় ।

যোৱা ৭ অক্টোবৰত পাণবাৰী আৰক্ষীয়ে এজনক গ্ৰেপ্তাৰ কৰাৰ পাছত আজি পুনৰ আৰক্ষীয়ে অভিযান চলাই এজন এজেন্টক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

Exit mobile version