জৰুৰীকালীন এঞ্জিঅ’প্লাষ্টিৰ পাছত ঘৰলৈ উভতিল কিংবদন্তি ক্রিকেটাৰ কপিল দেৱ

WhatsApp Image 2020 10 26 at 12.46.04 PM

■ এঞ্জিঅ’প্লাষ্টিৰ তিনিদিনৰ পাছত হৃদৰোগত আক্ৰান্ত কপিল দেৱক দেওবাৰে দিল্লী চিকিৎসালয়ৰ পৰা ডিচাৰ্জ দিয়া হয় ।
■ দেশৰ প্ৰথমজন বিশ্বকাপ জয়ী কিংবদন্তি প্ৰাক্তন অধিনায়ক গৰাকী বৃহস্পতিবাৰে আকস্মিকভাৱে হৃদৰোগত আক্ৰান্ত হোৱাৰ পাছত ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত ।

■ চিকিৎসালয়ৰ কৰ্তৃপক্ষই কপিল দেৱক সুস্থ বুলি জনোৱাৰ লগতে কয়, তেওঁ অতি সোনকালেই নিয়মিত দৈনিক গতিবিধি পুনৰ আৰম্ভ কৰিব পাৰিব । নিয়মিত পৰামৰ্শ প্ৰদানৰ বাবে কপিল দেৱৰ লগত থাকিব ডাঃ অতুল মাথুৰ ‌।

■ আগৰ আৰু বৰ্তমানৰ ক্ৰিকেট টীমকে ধৰি অনুৰাগী আৰু দেশৰ খ্যাতিমানী লোকসকলৰ পৰা লাভ কৰা শুভেচ্ছাৰ পাছত কপিল দেৱে ইনষ্টাগ্ৰামত পোষ্টত লিখে যে, “মৰম আৰু চিন্তাৰ বাবে সকলোকে ধন্যবাদ । পুনৰ সুস্থ হৈ উঠাৰ পথত শুভকামনাৰ বাবে মই অভিভূত ।”

Exit mobile version