দেশৰ সকলো লোকেই বিনামূলীয়াকৈ লাভ কৰিব ক’ভিড প্ৰতিষেধক

coronavaccine1.v1

ক’ভিড ১৯ প্ৰতিষেধকৰ সন্দৰ্ভত দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰতাপ সাৰংগীয়ে কয় যে, কেৱল বিহাৰতে নহয় দেশৰ সকলো লোকেই ক’ভিড-১৯ৰ প্ৰতিষেধক বিনামূলীয়াকৈ লাভ কৰিব ।

উল্লেখ্য যে চলিত সপ্তাহতে অনুষ্ঠিত হ’বলগীয়া বিহাৰৰ বিধানসভা নিৰ্বাচনৰ সময়ছোৱাত বিজেপিয়ে বিনামূলীয়া ক’ভিড প্ৰতিষেধকৰ ঘোষণা কৰিছিল । ইয়াৰ পাছতে এনডিএ চৰকাৰক সমালোচনা কৰি বিৰোধী পক্ষই ৰাজনৈতিক কাৰণত মহামাৰীৰ ব্যৱহাৰ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছিল ।

ইয়াৰ পিছতে ৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বালাছ’ৰত হোৱা প্ৰচাৰ অভিযানত মন্ত্ৰী সাৰংগীয়ে সংবাদদাতাক কয় যে, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সকলো লোককে বিনামূলীয়াকৈ ক’ভিড ১৯ ৰ ভেকচিন প্ৰদান কৰিব বুলি ঘোষণা কৰিছিল । প্ৰত্যেকজন লোকৰ প্ৰতিষেধকৰ বিনিময়ত প্ৰায় ৫০০ টকাকৈ ব্যয় কৰিব ।”

উল্লেখ্য যে, নৰেন্দ্ৰ মোদীয়ে ২০ অক্টোবৰত ৰাষ্ট্ৰক সম্বোধন কৰি ভাৰতীয় বৈজ্ঞানিকসকলে কে’বাটাও প্ৰতিষেধকৰ প্ৰস্তুত কৰাৰ লগতে ক্লিনিকেল ট্ৰায়েল বিভিন্ন পৰ্যায়ত থকাৰ বিষয়ে উল্লেখ কৰিছিল । লগতে কয় ট্ৰায়েলৰ ফলাফল উৎসাহজনক অৱস্থাত দেখা গৈছে ।

তামিলনাডু, মধ্য প্ৰদেশ, অসম আৰু পণ্ডিচেৰীৰ চৰকাৰে ইতিমধ্যে নিজৰ ৰাজ্যৰ জনসাধাৰণৰ বাবে বিনামূলীয়া ক’ভিড প্ৰতিষেধকৰ ঘোষণা কৰিছে । ইপিনে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দেশৰ সকলো জনসাধাৰণৰ বাবে বিনামূলীয়া প্ৰতিষেধক দাবী কৰিছে ।

Exit mobile version