বিগত দুটা দিনত আমেৰিকাত আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছে কৰ’নাত

examining coronavirus covid 19 medical samples on kits novel corona picture id1213671473

মাৰ্কিন যুক্তৰাষ্ট্ৰত বিগত দুটা দিনত আটাইতকৈ বেছি লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে । উপৰাষ্ট্রপতি মাইক পেন্সে কৰ’নাৰ ফলাফল পজিটিভ অহাৰ পাছতো নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ বাবে দেশত ভ্ৰমণ কৰাৰ ফলস্বৰূপে আক্ৰান্তৰ সংখ্যা আৰু অধিক হোৱাৰ সম্ভাৱনা আছে বুলি সূত্ৰত প্ৰকাশ পাইছে ।

শনিবাৰে আমেৰিকাত ৭৯,৮৫২ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ অহাৰ পিছত মুঠ আক্ৰান্তৰ সংখ্যা হয়গৈ ৮৭,০০,৩৪৬ জন আৰু মৃতকৰ সংখ্যা হয়গৈ ২,২৫,১৫৩ জন । তাৰ আগৰ দিনটোত ৮৪,২৪৪ টা ঘটনা পোহৰলৈ আহিছিল । নৱেম্বৰত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পাঁচটি বিবেচিত মূলক অন্তৰ্ভুক্ত কৰা ওহিও, মিছিগান, উত্তৰ কেৰ’লিনা, পেঞ্চিলভেনিয়া আৰু উইচকনচিনকে ধৰি ২৯ খন ৰাজ্যত নতুনকৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে ।

আনহাতে, হোৱাইট হাউচতো কৰ’নাৰ সংক্ৰমণ হোৱা পৰিলক্ষিত হৈছে । Penceৰ ষ্টাফৰ মুখ্য Marc Shortৰ শৰীৰত শনিবাৰে ক’ভিড-১৯ৰ উপস্থিতি ধৰা পৰাৰ লগতে অন্য জ্যেষ্ঠ সহযোগীৰ দেহতো ভাইৰাছ ধৰা পৰে ।

কৰ’নাৰ প্ৰকোপৰ পাছতো হোৱাইট হাউচে কয় যে উপ ৰাষ্ট্ৰপতি পদৰ নির্বাচনৰ প্ৰচাৰৰ বাবে তেওঁলোক আগবাঢ়িব, সোমবাৰে Minnesota আৰু দেওবাৰে North Carolinaত প্ৰচাৰৰ বাবে যাব ।

Exit mobile version