সোণতলী আঞ্চলিক মহাবিদ্যালয়ত চৰকাৰী আৰু উচ্চ শিক্ষাৰ নীতি নিৰ্দেশনাক ভেঙুচালি

WhatsApp Image 2020 10 26 at 12.49.48 PM

সোণতলী আঞ্চলিক মহাবিদ্যালয়ত চৰকাৰী আৰু উচ্চ শিক্ষাৰ নীতি-নিৰ্দেশনাক ভেঙুচালি কৰি এটাৰ পিছত এটাকৈ দুৰ্নীতি । উল্লেখ্য যে ২০১৩ত অধ্যক্ষৰ পদ প্ৰাদেশিকৰণ নোহোৱাত উচ্চ শিক্ষাৰ বিভাগৰ সঞ্চালক চিঠি নং- AHE98/2014 / 2 Dated- 12/03/14ৰ নিৰ্দেশযোগে মহাবিদ্যালয় খনৰ জেষ্ঠ্য অধ্যাপক নওশাদ আলী আহমেদক সদস্য, বিত্তীয় দিশ তদাৰকৰ বাবে দায়িত্ব অৰ্পণ কৰি ডি ডি অ’ হিচাপে নিযুক্তি প্ৰদান কৰে । তাৰ বিপৰীতে মহাবিদ্যালয়খনৰ অধ্যক্ষ আবুল কালাম আজাদে যোৱা ২০১৪ৰ পৰা ২০১৯লৈ সেই নিৰ্দেশনাক কাৰ্যকৰী নকৰি নিজেই বিত্ত বিভাগৰ দায়িত্ব চলাই নি বিয়াগোম কেলেংকাৰী সংঘটিত কৰি আহিছে ।

আনহাতে দেওবাৰে মহাবিদ্যালয় খনৰ সহকাৰী অধ্যপক তথা প্ৰাক্তন ডি ডি অ’ আৰু মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিয়ে সংবাদমেল সম্বোধন কৰি অধ্যক্ষই কলেজত কাম কৰা দিনৰে পৰা বৰ্তমানলৈকে কে’বা লখ্যাধিক টকা  আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ আনে । সংবাদমেলত অধ্যক্ষগৰাকীয়ে MSDP আৰু UGC ফাণ্ডৰ পৰা আৱন্টিত ধন, কলেজৰ আভ্যন্তৰীণ দিশ আৰু শৈক্ষিক দিশত চৰম অৰাজকতাৰ সৃষ্টি কৰা বুলি অভিযোগ কৰে সভাপতি গৰাকীয়ে ।

ইফালে জিবিয়ে হিচাপ পৰীক্ষক বাচনি কৰি দিয়াৰ পিছতো অধ্যক্ষ গৰাকীয়ে নিজৰ ক্ষমতা ৰখাৰ স্বাৰ্থত কলেজৰ আভ্যন্তৰীণ কোনো হিচাপ দাখিল কৰা নাই । লগতে পূৰ্বৰ হিচাপ পৰীক্ষকৰো প্ৰতিবেদন কাৰ্যকৰী কৰা নাই । চৰকাৰৰ MSDP আৰু UGC ফাণ্ডৰ কামৰ দায়িত্ব ডি ডি অ’ক দিয়াৰ পিছতো অধ্যক্ষ গৰাকীয়ে কাৰ্যকৰী নকৰি জিবি ও নিৰ্মাণ কমিটিক অন্ধকাৰত ৰাখি নিজেই কৰি গৈছে এটাৰ পিছত এটাকৈ অনিয়ম ।

উল্লেখ্য যে, অধ্যক্ষ গৰাকীয়ে মহাবিদ্যালয়ৰ চাৰিসীমাৰ বেৰ নিৰ্মাণ, মহিলা হোষ্টেল নিৰ্মাণ, খেল পথাৰৰ আৰ্থ ফিলিং আৰু পূৰ্বৰে পৰা বৰ্তমানলৈ মহাবিদ্যালয়ৰ আলোচনী প্ৰকাশৰ নামত কে’বা লাখ টকাৰ কেলেংকাৰী কৰাৰ অভিযোগ উত্থাপন কৰে এই সংবাদ মেলত । শেহতীয়া ভাৱে উচ্চ শিক্ষা বিভাগে PC/HE/MISC/112/2019/47. নং নিৰ্দেশযোগে কলেজখনৰ যাৱতীয় নথি পত্ৰ ডিডিঅ’ক হস্তান্তৰ কৰিবলৈ নিৰ্দেশ দিয়ে যদিও তাক বৰ্তমানলৈকে কাৰ্যকৰী কৰা নাই । আলোচনীৰ নামত মাচুল সংগ্ৰহ কৰি আলোচনী প্ৰকাশ নকৰাৰ লগতে ছাত্ৰ একতা সভাৰ কাৰ্যসূচী সমূহত হস্তক্ষেপ কৰি অহা বিষয়ৰ ওপৰতো ছাত্ৰ ছাত্ৰীয়ে অভিযোগ দাখিল কৰিছে ।

ইপিনে Assam Education Provinsilisation of Services of Teachers and Recognisation of Educational Institutions Bill- 2017 ত উল্লেখ কৰা মতে সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্ব দি কলেজখন চলাই নিয়াৰ বাবে বৰ্তমানৰ ডিডিঅ’ তথা কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক মাধৱ চন্দ্ৰ ডেকাই জিবিৰ পৰামৰ্শ দিয়ে ।

মন কৰিবলগীয়া যে বিগত ৮ মাহে জেষ্ঠ্য অধ্যাপক নওশাদ আলী আহমেদে ডিডিঅ’ৰ কাৰ্যকালত যাৱতীয় বিত্তীয় হিচাপ নিকাচ জিবি আৰু নিৰ্মাণ কমিটিৰ নিৰ্দেশতে পৰিচালনা কৰাৰ লগতে তাৰ যাৱতীয় খতিয়ান মজুত ৰাখে । তেনে ক্ষেত্ৰত নওশাদ আলী আহমেদে বিত্তীয় খেলিমেলি কৰাৰ কোনো প্ৰশ্নই নুঠে বুলিও সংবাদ মেলাত উল্লেখ কৰে ।

Exit mobile version