এইবাৰ পূজা মণ্ডপৰ পৰিৱৰ্তে হোটেল ৰেস্তোৰাঁত ভিৰ

Assam Restaurants Allowed to Open till 10 30 PM during Durga Puja

ক’ভিড-১৯ৰ জীৱাণুৱে সৃষ্টি কৰা পৰিবেশত কে’বামাহ ধৰি গ্ৰাহক অবিহনে উকা হৈ থকা মহানগৰীৰ হোটেল ৰেস্তোৰাঁসমূহে দুৰ্গা পূজাৰ দিনকেইটাত পুনৰ প্ৰাণ পাই উঠিল । স্বাস্থ্য বিভাগৰ নীতি৷নিৰ্দেশনা অনুসৰি অনুষ্টুপীয়াকৈ আয়োজন কৰা পূজা মণ্ডপসমূহত ভক্তৰ সমাগম নগণ্য আছিল যদিও মহানগৰীৰ বিভিন্ন হোটেল ৰেস্তোৰাঁত নিশাৰ নিৰ্ধাৰিত সময় পৰ্যন্ত অব্যাহত থাকে গ্ৰাহকৰ ভিৰ ।

ক’ভিড সৃষ্ট পৰিবেশৰ বাবে আনন্দ উল্লাস অবিহনে অনুষ্ঠিত হোৱা এইবাৰ দুৰ্গা পূজাত পূৰ্বৰ মাদকতা নাথাকিলেও পূজাৰ বতৰত সুস্বাদু খাদ্যৰ জুতি ল’লে বহুজনে ৷ উল্লেখযোগ্য যে পূৰ্বৰ দৰে এইবাৰ দুৰ্গা পূজা উলহ মালহেৰে উদযাপন নহ’ল ৰাজ্যত। পূৰ্বতে পূজাৰ সময়ত থকা আনন্দ আৰু উৎসাহ এইবাৰ পূজাত দেখিবলৈ পোৱা ন’গল জনতাৰ মাজত ।

ষষ্ঠীৰ বেদীত দেৱী দুৰ্গাক অধিষ্ঠিত কৰা দিন ধৰি অহা কিনকিনিয়া বৰষুণজাকেও প্ৰথম দুটা দিনত কিছু পৰিমাণে ব্যাঘাত জন্মায় পূজাৰ পৰিবেশত ৷অৱশ্যে অষ্টমীৰ সন্ধিয়া আৰু নৱমীৰ দিনটো ৰাজ্যৰ পূজা মণ্ডপসমূহত সমাগম হয় সীমিত ভক্তৰ ৷ উল্লেখযোগ্য যে এইবাৰ পূজাত মণ্ডপসমূহত ভক্তৰ সমাগম নাই যদিও হোটেল ৰেস্তোৰাঁসমূহত পূৰ্বৰ ধাৰা অব্যাহত থাকে।

উল্লেখযোগ্য যে ক’ভিডৰ সমান্তৰালভাৱে পূজাৰ মণ্ডপ আৰু প্ৰতিযোগিতাসমূহত এইবাৰ কোনোধৰণৰ আকৰ্ষণ নথকাৰ বাবেই মণ্ডপসমূহত ভক্তৰ সমাগম নগণ্য বুলি ধাৰণা কৰিছে পূজা সমিতিসমূহে ৷ ফলত পূজাৰ মণ্ডপৰ দৰ্শনৰ পৰিৱৰ্তে খাদ্যৰ জুতি লোৱাৰ উদ্দেশ্যেহে ওলাই আহে বহুজন । আনহাতে পূজা বুলি ক’লেই সুস্বাদু খাদ্যৰ খাদ্যৰ জুতি ল’বলৈ ওলাই আহিল ভিন্নজন । বিয়লি পৰা নিশা পৰ্যন্ত মহানগৰীৰ ঠায়ে ঠায়ে সৃষ্টি হয় যান-জঁটৰ ৷

ইফালে নিশা ১০-৩০ বজালৈ খোলা ৰখা নিৰ্দেশ পোৱা হোটেল ৰেস্তোৰাঁৰ সমুখতো পৰিলক্ষিত হয় শাৰী । তথাপি প্ৰায় ছয় মাহ ধৰি বন্ধ হৈ থকা হোটেল ৰেস্তোৰাঁত পূজাৰ বতৰত গ্ৰাহকৰ সহাঁৰিয়ে পুনৰ হাঁহি বিৰিঙাই তুলিছে উদ্যোগটোৰ লগত জড়িত ব্যৱসায়ীসকলক।

Exit mobile version