কপালত শিং আৰু সাপৰ দৰে জিভাৰ ভয়ংকৰ চেহেৰাৰ জাৰ্মানীৰ এজন লোকে সৰ্বাধিকবাৰ দেহৰ পৰিৱৰ্তন ঘটাই গিনীজ ওৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হ’ল । ৰল্ফ বুখহলজ নামৰ লোকজনে ৫১৬ বাৰ পর্যন্ত নিজৰ দেহত পৰিৱৰ্তন ঘটাইছে ।
গিনীজ ওৱৰ্ল্ড ৰেকৰ্ডৰ পৰা পোৱা তথ্য অনুসৰি জাৰ্মানীৰ এইজন নাগৰিক টেলিকম সংস্থাত কৰ্মৰত । ৪০ বছৰ বয়সত প্ৰথমে টেটু কৰিছিল ৰল্ফে । তাৰ পিছৰ পৰাই নাক, ওঁঠ , চকুৰ চেলাউৰী আৰু কপালৰ সকলো অংশত মুঠ ৫১৬ বাৰে ফুটা কৰি শৰীৰৰ পৰিৱৰ্তন কৰে ।
ইয়াৰোপৰি মূৰত দুটা শিং আৰু জিভাখন দুভাগত বিভক্ত কৰিছে ৰল্ফে । সকলো পৰ্যবেক্ষণ কৰাৰ পাছত ২০ বছৰৰ আগৰ ছবিৰ লগত বৰ্তমানৰ চেহেৰাৰ কোনো মিল দেখা নাপাব আপুনি । এই সন্দৰ্ভত ৰল্ফে কয় যে, “তেওঁৰ বাহ্যিক ৰূপৰহে পৰিৱৰ্তন ঘটিছে। আভ্যন্তৰীণ ভাৱে সকলো একেই আছে।