চাওঁ আহক দেশত কৰ’না ভাইৰাছৰ কেইটামান শেহতীয়া তথ্য

123597 coronavirus 2

■ কেন্দ্ৰীয় গৃহ আৰু স্বাস্থ্যমন্ত্ৰণালয়ৰ তথ্য অনুসৰি দেশত  বিগত ২৪ ঘণ্টাত প্ৰায় ৪৮৮ জন ক’ভিড আক্ৰান্তৰ মৃত্যু হোৱাৰ পিছত মৃতকৰ সংখ্যা হয়গৈ ১,১৯,৫০২ জন ।
■ ছেপ্টেম্বৰ মাহৰ পাছত ক’ভিড আক্ৰান্তৰ মৃত্যুৰ হাৰ হৈছে প্ৰায় ১.৫ শতাংশ ।
■ ১৪ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশত মৃত্যুৰ হাৰ ১ শতাংশতকৈও কম আৰু কেৰেলাত ০.৩৪ শতাংশ ।
■ দেশত দৈনিক আটাইতকৈ বেছি কৰ’নাত আক্ৰান্ত হোৱা ৰাজ্য হৈছে কেৰেলা । কেৰেলাত ৪,২৮৭ জন, পশ্চিম বংগত ৪,১২১ জন, কৰ্ণাটকত ৪,১৩০ জন, মহাৰাষ্ট্ৰত ৩,৬৪৫ জন আৰু দিল্লীত ২,৮৩২ জন দৈনিক আক্ৰান্ত হৈছে কৰ’নাত । শেহতীয়াভাৱে মহাৰাষ্ট্ৰত দৈনিক ৪ হেজাৰ জন লোক আক্রান্ত হৈছিল ।
■ মহাৰাষ্ট্ৰত দৈনিক ৮৫ জন কৰ’না আক্রান্ত ৰোগী মৃত্যু হোৱাৰ পিছত মৃত্যুৰ হাৰ হয়গৈ ২.৬৩% । ইয়াৰ পিছতে পশ্চিম বংগত ৫৯ জন, দিল্লীত ৫৪ জন, চট্টিশগড়ত ৪৩ জন আৰু কৰ্ণাটকত ৪২ জন লোকৰ মৃত্যু হয় ।
■ যোৱা মাহৰ পৰা দেশত দৈনিক গড়ে প্ৰায় ৮-৯ লাখ লোকৰ ক’ভিড টেষ্ট কৰা হৈছে ।
■ ৬,২৫,৮৫৭ জন কৰ’না আক্রান্তৰ ভিতৰত সুস্থতাৰ হাৰ হৈছে ৯০ শতাংশ আৰু ৭২ লাখতকৈ অধিক লোক সুস্থ হৈ উঠিছে ।
■ বিশ্বৰ আটাইতকৈ বেছি কৰ’নাত আক্ৰান্ত হোৱা দেশৰ তালিকাত ভাৰত আছে দ্বিতীয় স্থানত । ৮৭ লাখ আক্ৰান্ত আৰু ২.২৫ লাখ মৃতকৰ সংখ্যাৰে আমেৰিকাত সকলোতকৈ অধিক লোক কৰ’নাত আক্ৰান্ত হৈছে । ইয়াৰ পিছতে স্পেইন আৰু ফ্ৰান্সকে ধৰি কে’বাখনো ইউৰোপীয়ান দেশত কৰ’নাৰ সংক্ৰমণ অধিক বুলি জানিব পৰা গৈছে ।

Exit mobile version