চিৰাঙত বন বিভাগৰ অভিযানত চাৰিখনকৈ চোৰাং কাঠ আৰু শিল-বালি কঢ়িওৱা গাড়ী জব্দ

IMG 20201027 WA0005

চিৰাঙত বন বিভাগৰ অভিযানত সোমবাৰে নিশা লক্ষাধিক টকা মূল্যৰ চোৰাং কাঠসহ এখন নম্বৰহীন ট্ৰেক্টৰ জিলাখনৰ ছিদলী থানাৰ অন্তৰ্গত বামুন গাঁওৰ পৰা জব্দ কৰাৰ লগতে বাসুগাঁওৰ পৰা লক্ষাধিক টকাৰ চোৰাং কাঠৰ স’তে এএচ২৬বি_১৯০৩ নম্বৰৰ বলেৰ’ পিকআপ গাড়ী জব্দ কৰিবলৈ সক্ষম হয় ।

ইয়াৰ উপৰিও একে নিশাই অবৈধ ভাৱে শিল বালি কঢ়িওৱা দুখনকৈ ডাম্পাৰ গাড়ী জব্দ কৰে বন বিভাগে । এএচ২৬চি__৮০৮১ আৰু এএচ২৬চি__৮০৮২ নম্বৰৰ দুয়োখন ডাম্পাৰে অতিৰিক্ত বোজা কঢ়িওৱাৰ লগতে মঙ্গলবাৰৰ চালান লৈ নিশা ১২ বজাত বাসুগাঁওৰ তিৰিমাৰীৰ চম্পা নদীৰ পৰা শিল বালি লৈ ৩১ নং চি ৰাষ্ট্ৰীয় ঘাই পথেৰে বকোলৈ গৈ থকা অৱস্থাতে চিৰাং বন বিভাগে জব্দ কৰে ।

উল্লেখ্য যে একেখন চালানেৰে কে’বাবাৰো শিল বালি কঢ়িয়াই বন বিভাগৰ চকুত ধূলি দি ব্যৱসায় চলাই আছিল এই সমূহ ডাম্পাৰ মালিকে। সোমবাৰে নিশা বন বিভাগৰ অভিযানত পোহৰলৈ আহে বিতং তথ্য । এই সন্দৰ্ভত পূজাৰ দশমীৰ সুযোগ গ্ৰহণ কৰি চোৰাং কাঠৰ ব্যৱসায় বৃদ্ধি পোৱাৰ তথ্য লাভ কৰি বন বিভাগে অভিযান চলাইছিল বুলি জনায় চিৰাং সংমণ্ডল বন বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে । লগতে জনায় যে, জিলাখনৰ বাসুগাঁও আৰু সুন্দৰীত অবৈধ ভাৱে হাবিত মজুত ৰখা বুজন পৰিমাণৰ চোৰাং কাঠ জব্দ কৰি চিৰাং সংমণ্ডল বন বিভাগৰ কাৰ্যালয়তে ৰখা হৈছে ।

উল্লেখ্য যে, চিৰাং জিলাৰ বিভিন্ন প্ৰান্তত এই দৰেই বন বিভাগৰ চকুত ধুলি দি চোৰাং কাঠ আৰু শিল বালিৰ ৰমৰমীয়া ব‍্যৱসায় অব্যাহত আছে । বন বিভাগৰ অভিযানত প্ৰায়েই ধৰে যদিও পিছমুহূৰ্ততে জৰিমনা আদায়েৰে বাহন সমূহ এৰি দিয়ে ।

আনহাতে কে’বাজনো ৰাজনৈতিক শীৰ্ষ নেতাৰ বাহন এই ধৰণৰ ব‍্যৱসায়ত জড়িত বুলিও জানিব পৰা গৈছে। যাৰ ফলত বিভাগীয় ভাৱে বিহিত ব‍্যৱস্থা গ্ৰহণ কৰিবলৈ গৈয়ো থমকি ৰ’ব লগা হয় বন বিভাগ ।

Exit mobile version