চিৰাঙৰ ৰুণিখাতাত ফাৰ্মাচীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

IMG 20201027 WA0008

চিৰাঙত সম্প্ৰতি ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযান অব‍্যাহত আছে । জিলাখনৰ ভাৰত-ভূটান সীমান্তৰ ৰুনিখাতা বজাৰত ফাৰ্মাচীত আৰক্ষীয়ে এইবাৰ অভিযান চলায় । কোনো ধৰণৰ পঞ্জীয়ন নথকা ফাৰ্মাচী খনত অবৈধ ভাৱে মজুত ৰখা নিষিদ্ধ ৪,৮১৬ টা স্পাচমো প্ৰক্সিভন কেপছুল জব্দ কৰাৰ লগতে আৰক্ষীয়ে ফাৰ্মাচীখনৰ গৰাকী নিলিখাং ৱেৰী(৪৫) নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে । অভিযানত নিষিদ্ধ ঔষধৰ লগতে এটা ম’বাইল ফোনসহ ৪,৩১০ টকা জব্দ কৰে আৰক্ষীয়ে ।

উল্লেখ্য যে, শেহতীয়াকৈ যোৱা ১৫ দিনত ভাৰত-ভূটান সীমান্তত আৰক্ষীৰ অভিযানত নিষিদ্ধ ঔষধৰ লগতে ড্ৰাগছ সহ কে’বাজনো লোক গ্ৰেপ্তাৰ হৈছে । ইয়াৰ পিছতে ড্ৰাগছ ব‍্যৱসায়ীয়ে ফাৰ্মাচীখনৰ জৰিয়তে এই অবৈধ ব‍্যৱসায় চলাই যোৱাৰ অভিযোগ উত্থাপিত হৈছে । প্ৰকৃততে এই স্পাচমো প্ৰক্সিভন কেপছুল নিচা জাতীয় কামত ব‍্যৱহাৰ কৰে একাংশই ।

এই সন্দৰ্ভত চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে জনায় যে, ড্ৰাগছ মুক্ত সমাজ গঢ়াৰ বাবে আৰক্ষীয়ে এই অভিযান অব‍্যাহত ৰাখিব আৰু এইক্ষেত্ৰত জনসাধাৰণৰ সহযোগিতা নিতান্তই প্ৰয়োজন ।

Exit mobile version