তিনিচুকীয়াৰ বাৰেকুৰিত অচিন ৰোগত আক্ৰান্ত হৈ হলৌ বান্দৰৰ মৃত্যু

WhatsApp Image 2020 10 27 at 11.42.24 AM

পৃথিৱীৰ অদ্বিতীয় বনমানুহ ৰূপে পৰিচিত হলৌ-বান্দৰ । এই হলৌ বান্দৰৰ মুক্ত বিচৰণৰ বাবে পৰ্যটকৰ আকৰ্ষণৰ অন্যতম এক স্থলী তিনিচুকীয়া জিলাৰ বাৰেকুৰি অঞ্চল । গ্ৰাম্য পৰ্যটনস্থলী হিচাপে গঢ় লৈ উঠা বাৰেকুৰি অঞ্চলত যোৱা তিনিদিন ধৰি অচিন ৰোগত অক্ৰান্ত হৈ আছিল এজনী হলৌ ।

যোৱা তিনিদিন ধৰি ৰোগাক্ৰান্ত হৈ থকা হলৌজনী এজোপা গছৰ ওপৰত একে স্থানতে কোনো খাদ্য গ্ৰহণ নকৰাকৈ ৰৈ থকাৰ ঘটনাই চিন্তিত কৰি তুলিছিল বাৰেকুৰি বাসীক। কিন্তু আজি পুৱাতে হলৌ জনীৰ মৃতদেহ উদ্ধাৰ কৰা ঘটনাই আৱেগিক কৰি তুলিছে বাৰেকুৰি অঞ্চলৰ সচেতন প্ৰকৃতিপ্ৰেমী তথা ৰাইজক।

উল্লেখ্য যে, বিগত বহুবছৰ ধৰি বাৰেকুৰি অঞ্চলৰ হলৌ-বান্দৰে অঞ্চলটোত মানুহৰ ঘৰৰ বাৰীয়ে বাৰীয়ে মানুহৰ সৈতে সহাৱস্থান কৰি মানুহ আৰু বন্যপ্ৰাণীৰ প্ৰেমৰ বিৰল নিৰৰ্শন দাঙি ধৰিছিল। যাৰ বাৰে দেশী-বিদেশী পৰ্যটকৰ বাবেও অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল বাৰেকুৰি অঞ্চল ।

ইতিমধ্যে মৃত্যুক আকোৱালি লোৱা হলৌ জনীয়ে যোৱা কিছুদিন পূৰ্বে মৃত পোৱালি প্ৰসৱ কৰিছিল । বাঘজানৰ ৫ নং খাদৰ অগ্নিকাণ্ডৰ ফলতেই হলৌ বান্দৰৰ এনে অচিন ৰোগে দেখা দিছে বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে।

Exit mobile version