নগাঁৱত এগৰাকী বোৱাৰীৰ মৃত্যুক লৈ চাঞ্চল্য

suicide representation

নগাঁও চহৰৰ মিলনপুৰৰ ভাড়াঘৰত চিপলৈ থকা অৱস্থাত উদ্ধাৰ হোৱা এগৰাকী বোৱাৰীৰ মৃত্যুক লৈ ৰহস্য ৷ মৃত বোৱাৰী গৰাকীক খুলশালীয়েকৰ স’তে মিলি স্বামীয়ে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ লগতে খুলশালীয়েকৰ লগত থকা পৰকীয়া প্ৰেমৰ বাবেই হুজগাঁৱৰ হৰিপদ দাস নামৰ লোকজনে পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

উল্লেখ্য যে প্ৰায় ৯ বছৰৰ পূৰ্বে হৰিপদৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল মহিলাগৰাকী ৷ কিন্তু কেইবছৰমান পিছতে হৰিপদ আৰু খুলশালীৰ মাজত গোপনে গঢ়ি উঠিছিল অবৈধ সম্পৰ্ক । ইপিনে, নগাঁও সদৰ আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত হৰিপদ দাস আৰু খুলশালীক আটক কৰি বোৱাৰী গৰাকীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷

অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ অন্তত আৰু নগাঁও আৰক্ষীৰ সঠিক তদন্ততহে আত্মহত্যা নে হত্যা কৰা হৈছে তাৰ প্ৰকৃত সত্য পোহৰলৈ আহিব ৷

Exit mobile version