প্ৰতিৰক্ষা সম্পৰ্কীয় চুক্তি BECAত স্বাক্ষৰ কৰিলে ভাৰত আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰই

WhatsApp Image 2020 10 27 at 2.19.07 PM

■ ভাৰত আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাজত হোৱা বৈঠকত প্ৰতিৰক্ষা সম্পৰ্কীয় চুক্তি Basic Exchange and Cooperation agreement(BECA)ত সোমবাৰে দুয়োখন দেশে স্বাক্ষৰ কৰে।
■ BECA, যিখন চুক্তি প্ৰতিৰক্ষাৰ সম্পৰ্কক গভীৰ কৰাৰ উদ্দেশ্যে প্ৰস্তুত কৰা হৈছে । যিয়ে দুখন দেশৰ সন্ত্ৰাসবাদীৰ ভৌগোলিক সংক্রান্তীয় তথ্য, উচ্চস্তৰীয় সামৰিক প্ৰযুক্তি আৰু শ্ৰেণীবদ্ধ উপগ্ৰহ ডেটা প্ৰতিৰক্ষা সম্পৰ্কীয় বিষয়ৰ ওপৰত তথ্য আহৰণৰ বাবে অনুমতি প্ৰদান কৰিব ।
■ দিল্লীৰ হাইদৰাবাদ হাউচত মন্ত্ৰীস্তৰীয় বৈঠকত মিলিত হয় দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বৈদেশিক সচিব মাইক পম্পেঅ’ আৰু প্ৰতিৰক্ষা সচিব মাৰ্ক এস্পাৰ ।
■ উল্লেখ্য যে, আমেৰিকাৰ বৈদেশিক সচিব মাইক পম্পেঅ’ আৰু প্ৰতিৰক্ষা সচিব মাৰ্ক এস্পাৰে বৈঠকত মিলিত হোৱাৰ উদ্দেশ্যে সোমবাৰে দিল্লীত উপস্থিত হয়।
■ কুটনৈতিক শিবিৰৰ সূত্ৰ অনুসৰি বৈঠকৰ মূল উদ্দেশ্য হৈছে ভাৰত আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাজনৈতিক সম্পৰ্ক গভীৰ কৰা । ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত উদাৰ আৰু উন্মুক্ত নীতি তৈয়াৰ কৰা । বিগত কিছু বছৰত বাণিজ্যিক আৰু ৰাজনৈতিক ক্ষেত্ৰত চীনৰ ক্ৰমবৰ্ধমান প্ৰভাৱক ৰোধ কৰাৰ বাবে আমেৰিকা, ভাৰত, অষ্ট্ৰেলিয়া, জাপান সহ পূব এছিয়াৰ বিভিন্ন দেশসমূহে চেষ্টা চলাই আহিছে । এই লক্ষ্যক আগত ৰাখিয়েই বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি বৈদেশিক মন্ত্ৰণালয়ৰ সূত্ৰত প্ৰকাশ পাইছে।
■ ভাৰতৰ স’তে বৈঠকত মিলিত হোৱাৰ পাছত মত বিনিময় কৰাৰ উদ্দেশ্যে শ্ৰীলংকা, মালদ্বীপ আৰু ইণ্ডোনেছিয়াত উপস্থিত হ’ব মাৰ্কিন যুক্তৰাষ্ট্ৰৰ শীৰ্ষ নেতৃত্ব ।
■ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ উপদেষ্টা অজিত ডোভালৰ স’তে আমেৰিকাৰ বৈদেশিক সচিব মাইক পম্পেঅ’ আৰু প্ৰতিৰক্ষা সচিব মাৰ্ক এস্পাৰে ছাউথ ব্লকত বৈঠকত মিলিত হয়।

Exit mobile version