মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচন : মহাকাশৰ পৰাই ভোটদান মহাকাশচাৰীৰ

WhatsApp Image 2020 10 27 at 3.51.00 PM

মহাকাশৰ মহাশূন্যৰ পৰাই মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিছে মহাকাশচাৰীয়ে । ড’নাল্ড ট্ৰাম্প আৰু জ’ বাইডেনৰ যুঁজখনে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰাৰ সময়তে এই বাৰ্তা টুইটযোগে ৰাজহুৱা কৰিছে মাৰ্কিন গৱেষণা সংস্থা নাছাই । অহা তিনি নৱেম্বৰত সম্পন্ন হ’বলগীয়া মার্কিন ৰাষ্ট্রপতি নির্বাচনত ভােটাধিকাৰ সাব্যস্ত কৰা মহাকাশচাৰীগৰাকীৰ নাম কেট ৰবিনছন ।

যােৱা সপ্তাহতেই আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থানত নিজৰ ভােটাধিকাৰ সাব্যস্ত কৰিছে এইগৰাকী মহাকাশচাৰীয়ে । ভােটদান সাব্যস্ত কৰিব পৰাকৈ সকলাে নীতি-নিয়ম পালন কৰি মহাকাশ আস্থানটোত ‘বুথ’ পর্যন্ত স্থাপন কৰা হৈছিল । শূন্যত ভাহি থাকি ভােটদান কৰাৰ পাছত নিজৰ প্রতিক্রিয়াত প্ৰকাশ কৰিলে ৰবিনছনে। ছমাহৰ বাবে মহাকাশ আস্থানটোলৈ গৈছে ৰবিনছনে । লগত আছে ৰাছিয়াৰ আন দুজন মহাকাশচাৰী । অহা নৱেম্বৰৰ শেষলৈ পুনৰ পৃথিৱীলৈ উভতিব ৰবিনছনে ।

অৱশ্যে সেই সময়লৈ ৰাষ্ট্রপতি নির্বাচন সমাপ্ত হ’ব। সেয়েহে ৰাষ্ট্রপতি নির্বাচনলৈ এসপ্তাহ বাকী থকা অৱস্থাতে মার্কিন মহাকাশচাৰীগৰাকীয়ে নিজৰ ভােটাধিকাৰ সাব্যস্ত কৰে; কিন্তু ৰবিনছনৰ বাবে এই অভিজ্ঞতা নতুন নহয়। ২০১৬ৰ ৰাষ্ট্রপতি নির্বাচনতাে তেওঁ একেদৰেই ভােটদান কৰিছিল । ইতিপূর্বে মহাশূন্যৰ পৰা ভােটদান কৰিব পৰাৰ কোনাে নাগৰিক আইনৰ ব্যৱস্থা নাছিল । ১৯৯৭ত এই বিষয়ত এখন আইন সংশােধন কৰি ভােটদানৰ ব্যৱস্থা কৰা হয় আমেৰিকাত। তাৰ পাছৰ পৰাই মহাকাশ আস্থানটোৰ পৰা কৰা ভােটদান গৃহীত কৰি অহা হৈছে ।

অৱশ্যে ভােটদানৰ এই ব্যৱস্থাটোত কিছু জটিলতা আছে। ভােটদানৰ বাবে ইচ্ছুক মহাকাশচাৰীসকলে পূর্বেই লিখিত আবেদন কৰিবলগীয়া হয়। এই প্রক্রিয়াটোক ‘ফেডাৰেল পােষ্ট কার্ড’ আবেদন বুলি জনা যায়। আবেদন গ্রহণৰ পৰৱর্তী পর্যায়তহে ভােটদানৰ বিশেষ প্রক্রিয়া আৰম্ভ হয় । মহাকাশচাৰীক ভােটদানৰ বাবে নির্দিষ্ট দিন আৰু সময় পূর্বেই নির্ধাৰণ কৰি দিয়া হয় । মার্কিন মহাকাশচাৰীসকলে সাধাৰণতে টেক্সাছৰ বাসিন্দা হিচাপে ভােটদান কৰে।

নাছাৰ প্রায় সকলাে বিজ্ঞানীয়ে টেক্সাছ চৌহদতে বসবাস কৰে। ইয়াৰ বাহিৰেও দেশৰ অন্যান্য প্রদেশৰ বাসিন্দা হিচাপেও মহাকাশচাৰীসকলে ভােটদান কৰিব বিচাৰিলে তাৰাে ব্যৱস্থা কৰি দিয়া হয়। অৱশ্যে টেক্সাছৰ বাসিন্দা হলে ভােটদান প্রক্রিয়াটো কিছু সৰল হয়। দ্বিতীয়বাৰলৈ মহাকাশৰ পৰা ভােট দিয়া ৰবিনছনৰ বাবে স্বাভাৱিকতে প্রক্রিয়াটো সৰল হৈছে ।

Exit mobile version