যুৱ বিদ্ৰোহ ব্যাপক, গণক্ষোভত স্তব্ধ বেংকক

12564072 16x9

বিগত কিছুদিন ধৰি থাইলেণ্ডত ৰাজতন্ত্ৰৰ অৱসান ঘটাই গণতান্ত্রিক শাসন প্রৱর্তনৰ দাবীৰে দেশখনৰ ছাত্র সমাজৰ নেতৃত্বত চৰকাৰবিৰােধী ব্যাপক বিক্ষোভ অব্যাহত আছে । থাইলেণ্ডৰ ৰাজধানী বেংককৰ ৰাজপথত সোমবাৰেও সহস্রাধিক লােক সমবেত হৈ দেশখনৰ শাসক জেনেৰেল প্রযুতৰ পদত্যাগ দাবী কৰে ।

বিক্ষোভকাৰীসকলে ৰাজতন্ত্ৰৰ অৱসান ঘটোৱাৰ লগতে দেশৰ সংবিধান বাতিল কৰি নতুন সংবিধান প্ৰৱর্তনৰ দাবী জনাইছে । থাই ৰাজপৰিয়ালৰ আইনী, ৰাজনৈতিক আৰু অৰ্থনৈতিক কৰ্তৃত্বৰ সংস্কাৰ সাধনৰো দাবীত যুৱ প্ৰজন্মৰ নেতৃত্বত দেশজুৰি এই আন্দোলন ব্যাপক হৈ উঠিছে ।

উল্লেখ্য যে ২০১৪ত এক অভ্যুত্থানৰ জৰিয়তে প্ৰযুতে থাইলেণ্ডৰ ক্ষমতা দখল কৰিছিল। ২০১৯ত অনুষ্ঠিত হােৱা নিৰ্বাচনত তেওঁৰ জয় হৈছিল। কিন্তু দেশবাসীয়ে অভিযােগ কৰা মতে, জালিয়াতিৰে নিৰ্বাচনত প্ৰযুত বিজয়ী হৈছিল। থাইলেণ্ডৰ অর্থনৈতিক অৱস্থা পূর্বৰে পৰা যথেষ্ট দুর্বল আছিল আৰু প্ৰযুতে দেশৰ এই আর্থিক সংকটৰ অৱসান ঘটাবলৈ সক্ষম হ’ব বুলি দেশবাসীয়ে পূর্বে আশা প্রকাশ কৰিছিল ।

কিন্তু শাসনকালত প্রযুতে দেশৰ এই দুর্দশা দূৰ কৰিবলৈ মুঠেও সক্ষম নহ’ল আৰু পৰিৱর্তে থাইলেণ্ডৰ আর্থিক সংকট ক’ভিড-১৯ৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত অধিক ভয়াৱহ হৈ উঠে। এনেবােৰ কাৰণতে বিক্ষোভকাৰীসকলে প্ৰযুতৰ পদত্যাগ দাবী কৰিছে ।

উল্লেখ্য যে যােৱা আগষ্টত বিক্ষোভৰত ৰাইজৰ সন্মুখত পানুচায়া নামৰ এজন ২১ বছৰীয়া যুৱকে ১০ দফীয়া দাবী সম্বলিত এখন ঘােষণাপত্র পাঠ কৰাৰ পাছত থাইলেণ্ডৰ বিক্ষোভে নতুন মােৰ লৈছিল আৰু এই বিক্ষোভ দেশজুৰি বিয়পি পৰে।

Exit mobile version