জুৰাচিক পাৰ্কৰ দৰেই ঘটনা : ট্ৰাকৰ সন্মুখত ক’মডো ড্ৰেগনৰ গর্জন

Comodo dragon

যি জন্তুৰ নাম শুনিলে আজিও ভয়ত কম্পমান হৈ উঠি সমগ্র বিশ্ব সেই ভয়ংকৰ জন্তুক বাস্তৱত চকুৰ সন্মুখত দেখিলে অৱস্থা কেনে হ’ব পাৰে সেয়া সহজে অনুমেয়। ঠিক এনে এক অৱস্থাৰে সৃষ্টি হ’ল ইণ্ডোনেছিয়াৰ দুজন ট্রাক চালকৰ । হঠাতে ট্রাকৰ আগত আহি পথ অৱৰােধ কৰি অৱস্থান কৰে এক কম’ডাে ড্রেগনে । নাক ফুলাই গৰ্জন কৰাৰ লগতে তীক্ষ্ণ দাঁতৰ ফাঁকৰে জিভা উলিয়াই খাও-খাও ৰূপ ধাৰণ কৰিলে । দুই ট্রাক চালকৰ চকুৰ সন্মুখত সেই সময়ত বাস্তৱৰ জুৰাচিক পার্ক’ৰ দৃশ্য।

ইণ্ডোনেছিয়াৰ ৰিংকা আইলেণ্ডৰ এই দৃশ্যৰ ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত দিয়াৰ লগে লগে বিস্তাৰ লাভ কৰে। ভিডিঅ’ দেখি বহু লােকে শিয়ৰি উঠাৰ লগে লগে চকু আঁতৰাই নিবলৈকো বাধ্য হৈ পৰিছে । কমডাে ড্রেগনক বিশ্বৰ সবাতােকৈ ডাঙৰ সাপ হিচাপে জনা যায় । ১০ ফুটতকৈ দীঘল, তীক্ষ দাঁত তথা সুদীর্ঘ দুই বিভক্ত জিভা ইয়াৰ অন্যতম পৰিচয় । খুৰৰ  দৰে অতিকৈ ধাৰ থকা দাঁত সমান্তৰালভাৱে বিষাক্তও।

জুৰাচিক  পাৰ্কত দেখুওৱা ডাইন’চৰৰ লগত বহুখিনি মিল থকা দেখা যায় ক’মডাে ড্রেগনৰ। এই প্রজাতিৰ ড্রেগনৰ বয়স যথেষ্ট দীঘলীয়া। সম্প্রতি ইণ্ডোনেছিয়াৰ বহুকেইটা দ্বীপত এনে ড্রেগনৰ অস্তিত্ব বিচাৰি পােৱা যায়। অৱশ্যে ইণ্ডোনেছিয়াৰ বাহিৰে সম্প্রতি বিশ্বৰ অন্যান্য দেশত এনে ড্রেগনৰ অস্তিত্ব বিচাৰি পােৱা নাযায়। ইণ্ডোনেছিয়াত প্রায় তিনি হেজাৰ এনে ড্রেগন জীৱিত অৱস্থাত আছে ।

কম’ডাে ড্রেগনক সুৰক্ষিত কৰি ৰাখিবলৈ দেশখনৰ চৰকাৰে বিশেষ উদ্যোগাে গ্রহণ কৰিছে। দেশখনৰ পৰিৱেশ মন্ত্রণালয়ে কম’ডাে ড্রেগনৰ বাসস্থান সংৰক্ষণৰ উদেশ্যে নির্দিষ্ট দ্বীপকেইটাত পর্যটকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে । ইয়াৰ দ্বাৰা ড্রেগনৰ লগতে পর্যটকৰাে নিৰাপত্তা নিশ্চিত কৰিব বিচৰা হৈছে । ইণ্ডোনেছিয়াৰ ৰিংকা দ্বীপ কম’ডাে ড্রেগনৰ দ্বিতীয় পছন্দৰ বাসস্থান ।

সম্প্রতি অধিক সংখ্যাত কম’ডাে ড্রেগন থকা দ্বীপটোৰ নাম কম’ডাে আইলেণ্ড। যােৱা সপ্তাহত ৰিংকা দ্বীপলৈ ট্রাক দুখনত নির্মাণ কার্যৰ বাবে সামগ্রী লৈ গৈছিল । ট্রাকৰ সন্মুখত ড্রেগন দেখি থৰহৰিকম্পমান দশা হয় ট্রাকৰ চালকদ্বয়ৰ । এই দৃশ্য দেখি নিৰাপদ দূৰত্বৰ পৰা কোনাে এজনে সমগ্র ঘটনাৰ ভিডিঅ’ কৰে ।

তাৰ পাছত ছ’চিয়েল মিডিয়াত প’ষ্ট কৰি দিয়ে । বন্যপ্রাণী সংৰক্ষকসকলৰ মতে ট্রাকৰ শব্দ তথা ইন্ধনৰ পােৰা গন্ধ সহ্য কৰিব নােৱাৰি জংঘলৰ পৰা ওলাই আহে ড্রেগন। ইয়াৰ পাছতে ড্রেগনৰ বসতিস্থলত নির্মাণ কার্যক লৈ প্রশ্ন উত্থাপন হয়। ভিডিঅ’টো দেখাৰ পাছত প্রশাসনে শিক্ষা ল’ব বুলি বিভিন্নজনে আশা প্রকাশ কৰিছে।

Exit mobile version