নিৰ্বাচনৰ সময়তে বিহাৰৰ মুখ্যমন্ত্ৰীক কটাক্ষ তেজস্বী যাদৱৰ

149593 spzahepbok 1603518493

আজিৰে পৰা আৰম্ভ হোৱা বিহাৰ বিধানসভা নিৰ্বাচনৰ সময়তে বিৰোধী দলৰ নেতা তেজস্বী যাদৱ আৰু চিৰাগ পাচৱানে সোমবাৰে বিহাৰৰ মুংগাৰত আৰক্ষী আৰু একাংশৰ মাজত সৃষ্টি হোৱা অসামাজিক সংঘৰ্ষৰ ঘটনাৰ সন্দৰ্ভত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক কটাক্ষ কৰে।

উল্লেখ্য যে, সোমবাৰে দেৱী দুৰ্গাৰ বিসৰ্জনৰ সময়ত হোৱা সংঘৰ্ষত ১৮ বছৰীয়া এজন লোক গুলিবিদ্ধ হৈ নিহত হয় আৰু বহু লোক আহত হয় ।

এই সন্দৰ্ভত পাচৱানে কয় যে, সেই সময়ত বিহাৰৰ মুখ্যমন্ত্ৰীয়ে কি কৰি আছিল ? বিজেপি নেতা সুশীল মোদীয়ে কি কৰি আছিল ? মুংগাৰত সংঘটিত গুলীচলনা আৰু লাঠীচালনা ঘটনাৰ দোষী কোন? মুখ্যমন্ত্ৰীয়ে এতিয়া নিৰৱ ভূমিকা গ্ৰহণ কৰিছে, যিয়ে জালিয়ানৱালাবাগত গণহত্যাৰ আদেশ দিছিল। মোৰ বিশ্বাস যে, এই ঘটনাৰ বাবে মুখ্যমন্ত্ৰী দোষী, ইয়াৰ তদন্ত হোৱা উচিত । লগতে তেওঁ আৰক্ষী অধীক্ষক লিপি সিঙৰ স্থানান্তৰৰ দাবী জনায় ।

Exit mobile version