বকোৰ নগৰবেৰাত উৎকোচ লোৱা দৃশ্য বন্দী হ’ল কেমেৰাত

WhatsApp Image 2020 10 28 at 4.16.14 PM

বকোৰ নগৰবেৰাস্থিত ছমৰীয়া উন্নয়ন খণ্ডত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ নামত বৃহৎ পৰিমাণৰ উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হোৱাৰ লগতে উৎকোচ লোৱাৰ দৃশ্য বন্দী হ’ল কেমেৰাত ৷ অভিযোগ মতে, এটা চৰকাৰী আৱাসগৃহৰ সুবিধা পাবলৈ হ’লে বিষয়া কৰ্মচাৰীক ১০ হেজাৰৰ পৰা ৩০ হেজাৰ টকা পর্যন্ত উৎকোচ দিব লাগে ।

উল্লেখ্য যে বকোৰ নগৰবেৰাস্থিত ছমৰীয়াৰ উন্নয়ন খণ্ড কাৰ্যালয়ত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰ দিয়াৰ নামত হিতাধীকাৰীৰ পৰা উৎকোচ লৈছে ছমৰীয়াৰ উন্নয়ন খণ্ডৰ কৰ্মচাৰী ভাস্কৰ দত্তই ৷ ভাস্কৰ দত্তই প্ৰতিটো চৰকাৰী ঘৰৰ নামত ১০ হেজাৰৰ পৰা ৩০হেজাৰ টকা উৎকোচ লোৱাৰ অভিযোগ উত্থাপন কৰিছে‌ পিজুপাৰা গা‍ঁও পঞ্চায়তৰ হিতাধীকাৰিয়ে অভিযোগ উত্থাপন কৰিছে‌ ৷

এতিয়া প্ৰশ্ন হৈছে উৎকোচ লোৱাৰ প্ৰমাণ থকাৰ পিছতো ছমৰীয়া উন্নয়ন খণ্ড বিষয়াৰ কৰ্মচাৰী ভাস্কৰ দত্ত আৰু দুৰ্নীতিৰ লগত জড়িত অন্য লোকসকলৰ তদন্ত হ’বনে?

Exit mobile version