হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত চিৰাঙৰ নিচিমাৰ কয়লাময়লা বজাৰত অনুষ্ঠিত বিপিএফৰ বিশাল জনসভা

IMG 20201028 WA0042

চিৰাঙৰ নিচিমা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কয়লাময়লা বজাৰত আজি অনুষ্ঠিত হ’ল বিপিএফৰ বৃহৎ জনসভা । চিৰাঙৰ নিচিমা পৰিষদীয় সমষ্টিৰ এই জনসভাত উপস্থিত হৈ হাগ্ৰামা মহিলাৰীয়ে কয় যে বিটিআৰ চুক্তি বিটিচি বাসীৰ বাবে এটা বিষাক্ত চুক্তি । বিটিচিৰ বাহিৰৰ দুই এজন নেতা বিজেপিত গৈছে সেয়া তেওঁলোকৰ নিজৰ কথা । তেওঁলোকৰ কথাত সকলো মানুহ নচলে ।

লগতে তেওঁ কয় যে পৃথক ৰাজ্য বড়োলেণ্ডৰ দাবীক বাদ দি যি বিটিআৰ চুক্তি কৰিলে সেয়া বিটিচি বাসীৰ বাবে সুবিধাজনক নহয় বৰঞ্চ ক্ষতিকাৰকহে । আনহাতে, ডিচেম্বৰৰ প্ৰথম সপ্তাহত বিটিচি নিৰ্বাচন হ’ব বুলি ইতিমধ্যে কেবিনেট সিদ্ধান্ত হৈছে , গতিকে তেতিয়ালৈ বিটিচিত ৰাজ্যপালৰ শাসন থাকিব । এইবাৰ বিটিচি নিৰ্বাচনত কোনো দলেই প্ৰভাৱ নেপেলায় বৰঞ্চ যোৱা বাৰতকৈ এইবাৰ অধিক ভাল হব বিপিএফৰ আৰু ২৮/৩০ টা আসন বিপিএফে লাভ কৰাটো নিশ্চিত বুলি কয় হাগ্ৰামাই।

আনহাতে, জনসভাত উপস্থিত মন্ত্ৰী চন্দন ব্ৰহ্মই বিটিআৰ চুক্তিৰ সমালোচনা কৰি কয় যে বহু সংগ্ৰামৰ অন্তত সকলো জাতি জনগোষ্ঠী লগ লাগি বিটিচি চুক্তিৰে বিটিচি গঠন হৈছে । আৰু এতিয়া আয়োগ গঠন কৰি ইয়াৰ পৰা গাঁও কৰ্তন কৰিব বিচাৰিছে ইউপিপিএল আৰু এবছুয়ে । কিন্তু আমি জীয়াই থকালৈকে বিটিচিৰ পৰা এখন গাঁও কৰ্তন কৰিব নিদিও বুলি কয় চন্দন ব্ৰহ্মই।

তেওঁ লগতে কয় যে বিটিআৰ চুক্তি মতে ট্ৰাইবেল বেল্ট ব্লকৰ পৰা অজনজাতীয় লোকক উচ্ছেদৰ বাবে এবছু ইউপিপিএলে উচ্চ ন্যায়ালয়ত বহু গোচৰ তৰিলে । কিন্তু সেয়া সম্ভৱ হৈ নুঠিল । আমি কোনো পধ্যেই ট্ৰাইবেল বেল্ট ব্লকৰ পৰা কোনো লোকক উচ্ছেদ কৰিব নিদিও ।

আজিৰ এই জনসভাত বিপিএফৰ কে’বাজনো কেন্দ্ৰীয় নেতা, ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সভাপতি আব্দুল আওৱাল, অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা বিপুল ৰাভা আৰু মনোজ দাসৰ লগতে বড়ো বোলছবিৰ কে’বাজনো অভিনেতাকে ধৰি প্ৰায় ১৫ সহস্ৰাধিক লোক উপস্থিত থাকে ।

Exit mobile version