- অসম-মিজোৰাম সীমান্ত বিবাদৰ আলোচনাৰ বাবে আজি কৰিমগঞ্জত উপস্থিত হয় অতিৰিক্ত মহা নিৰ্দেশক( আইন শৃংখলা ) জি পি সিং ৷
- কৰিমগঞ্জৰ আৱৰ্ত ভৱনত জিলা উপাযুক্ত আনবামুথান এম পিৰ সৈতে আলোচনাত মিলিত হয় জি পি সিং ।
- ইফালে কাছাৰ জিলাৰ উপৰিও কৰিমগঞ্জৰ মেদলী ছৰা, ভূবিৰবন্দ এলেকাৰ অসমৰ প্ৰায় তিনি কিলোমিটাৰ মাটি নতুনকৈ দখল কৰি লয় মিজোৰামে ।
- কৰিমগঞ্জ জিলা প্ৰশাসনে মিজোয়ে দখল কৰা এটা ঘৰ উচ্ছেদ কৰি পৰৱৰ্তী সময়ত সেই ঘৰ পুনৰ দখলৰ লগতে কে’বা শতাধিক বিঘা মাটি নতুনকৈ দখল কৰি লয় ৷
- আনহাতে সেই ভূমি সম্প্ৰতি মিজোৰ দখলত ।
- উল্লেখযোগ্য যে কৰিমগঞ্জ জিলাৰ কিমান মাটি মিজোয়ে দখল কৰি ৰাখিছে সেই সন্দৰ্ভত কৰিমগঞ্জৰ আৱৰ্ত ভৱনত আলোচনাত মিলিত হয় আইন শৃংখলাৰ অতিৰিক্ত মহানিৰ্দেশক জি পি সিং ।
অসম-মিজোৰাম সীমান্ত বিবাদৰ বুজ ল’বলৈ কৰিমগঞ্জত উপস্থিত জি পি সিং
