কৰ’নাৰ মাজতে কৃত্ৰিম উপগ্ৰহ উৎক্ষেপন কৰিব ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই

WhatsApp Image 2020 10 29 at 6.56.28 PM

৭ নৱেম্বৰত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা এটা পৃথিৱী পৰ্যবেক্ষণ চেটেলাইট আৰু ৯ টা আন্তঃৰাষ্ট্ৰীয় কাষ্টমাৰ স্পেচক্ৰাফ্ট কৃত্ৰিম উপগ্ৰহ উৎক্ষেপন কৰিব বুলি  প্ৰকাশ কৰিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ৷ ৭ নৱেম্বৰত শ্ৰীহৰিকোটাৰ পৰা বিয়লি ৩.০২ মিনিটত কৃত্ৰিম উপগ্ৰহ কেইটা উৎক্ষেপণ কৰা হ’ব ৷ অৱশ্যে  কৃত্ৰিম উপগ্ৰহ কেইটা উৎক্ষেপন কৰা সন্দৰ্ভত বতৰৰ ওপৰতহে নিৰ্ভৰ কৰিব ৷

আনহাতে ISROৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহটোৱে কৃষি, বন আৰু দুৰ্যোগ প্ৰশমনৰ হকে কাম কৰিব ৷ উল্লেখযোগ্য যে ইছৰোৰ অধ্যক্ষ কে শিবানে  কয় যে চলিত বৰ্ষত ১০ টা অভিযানৰ পৰিকল্পনা কৰা হৈছিল যদিও কৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত সকলো পৰিকল্পনা বাতিল কৰা হয় ।

Exit mobile version