চন্দ্ৰত পানী আছে পেঞ্চিলৰ সমান কোটি কোটি সৰু গাঁতত

nasa

অনুমান কৰাতকৈও চন্দ্ৰত অধিক পানী জমা হৈ আছে। ইতিপূর্বে এই বিষয়ত থকা ধাৰণাৰ বৃহৎ পৰিৱৰ্তন হােৱাৰ তথ্য শেহতীয়াকৈ পােহৰলৈ আহিছে। পৃথিৱীৰ উপগ্ৰহটোত পানীৰ সন্ধান লাভ কৰা হৈছিল যদিও নতুন তথ্য অনুসৰি পূর্বে
কৰা ধাৰণাতকৈ বহু অধিক হ’ব পাৰে এই জলভাণ্ডাৰ।

ই ভৱিষ্যতে চন্দ্ৰত উপস্থিত হ’বলগীয়া মহাকাশচাৰীসকলৰ বাবেও শুভবার্তা কঢ়িয়াই আনিছে। মার্কিন মহাকাশ গৱেষণা প্রতিষ্ঠান নাছাৰ দ্বাৰা এই কথা জনােৱা হৈছে। দুটাকৈ গৱেষণাৰ ভিত্তিত এই নতুন দিশটো পােহৰলৈ আহে। এই গৱেষণা অনুসৰি চন্দ্ৰত সূৰ্যৰ পােহৰেৰে আলােকিত হৈ থকা অংশতাে পানীৰ সন্ধান লাভ কৰা হৈছে।

প্ৰথমবাৰৰ বাবে চন্দ্ৰৰ উক্ত অংশত পানী থকাৰ তথ্য পােহৰলৈ আহিছে। নাছাৰ ষ্ট্রেটোস্ফেৰিক অৱজাৰভেটৰি ফৰ ইনফ্লাৰেড এষ্ট্ৰোন’মি আৰু ছােফিয়াস্থিত টেলিস্ক’পত এই জলভাণ্ডাৰৰ সন্ধান লাভ কৰা হয় । নেছাৰ এষ্ট্রেন’মিত প্রকাশিত এই নতুন গৱেষণা সম্পর্কে টুইট কৰি নাছাই জনাইছে যে ছােফিয়া টেলিস্ক’পৰ সহায়ত চন্দ্ৰত সূৰ্যৰ পােহৰ পৰা অংশত পানীৰ সন্ধান লাভ কৰা হৈছে।

বিজ্ঞানীসকলে অনুমান কৰা মতে সম্ভৱতঃ পানীৰ ভাণ্ডাৰ ভূগৰ্ভৰ তলত আছে। এই পানী পেন্সিলৰ আকাৰতকৈও সৰু সৰু গাঁতত জমা হৈ আছে। কেইটামান দশক পূর্বে চন্দ্ৰত পানী নাই বুলি অনুমান কৰা হৈছিল। ভবা হৈছিল চন্দ্রপৃষ্ঠ একেবাৰে শুকান, কিন্তু যােৱা প্ৰায় এটা দশকৰ পৰা হােৱা বহুকেইটা আৱিষ্কাৰৰ পাছত এই ধাৰণা সলনি হয়। নতুন সন্ধানত চন্দ্ৰত পানীৰ সন্ধান লাভ কৰা হয়; কিন্তু এইবাৰ সমগ্ৰ ধাৰণাটোৰেই পৰিৱৰ্তন হ’ল বুলি কব পাৰি।

প্রকৃততে প্রথম অৱস্থাত বিজ্ঞানীসকলে পানী আৰু ‘হাইড্রক্সিল’ৰ মাজত থকা পার্থক্যক বুজিব পৰা নাছিল। হাইড্রক্সিল এনে এক অণু যাৰ মাজত অক্সিজেন-হাইড্রজেনৰ একোটাকৈ পৰমাণু থাকে। নতুন গৱেষণাই প্রমাণ কৰা অনুসৰি চন্দ্ৰত সূৰ্যৰ পােহৰ পৰা অংশত আণৱিক আকাৰত পানীৰ সন্ধান পােৱা গৈছে। এই গৱেষণাৰ অন্যতম গৱেষক কেচি হনিবলে জনােৱা অনুসৰি সম্ভৱতঃ এই পানীক তৰল পানী, শ্বাস-প্রশ্বাসৰ উপযুক্ত অক্সিজেন অথবা ৰকেটৰ ইন্ধন হিচাপেও ব্যৱহাৰ কৰিব পৰা যাব।

ফলত চন্দ্ৰলৈ যােৱাসকলক এই আৱিষ্কাৰে ব্যাপকভাৱে সহায় কৰিব । গৱেষণাৰ পৰা অহা আৰু অধিক তথ্য অনুসৰি চন্দ্ৰৰ মেৰু অঞ্চলটো সৰু সৰু গাঁতৰ ভিতৰত বৰফৰ ৰূপত পানী থাকিব পাৰে । এনে অংশত কেতিয়াও সূৰ্যৰ পােহৰ নপৰে। ইয়াৰ পূর্বে ২০১৯ত চন্দ্ৰৰ দক্ষিণ মেৰুত গাঁতৰ ভিতৰত পানী থকাৰ সন্ধান লাভ কৰা হৈছিল।

কিন্তু শেহতীয়া গৱেষণাত বিজ্ঞানীসকলে পানী থকা কোটি কোটি ক্ষুদ্র গাঁতৰ সন্ধান লাভ কৰিছে। গৱেষকসকলে অনুমান কৰা মতে চন্দ্ৰৰ বিস্তাৰিত অংশত পানী থকাটোও অসম্ভৱ নহয়। চন্দ্ৰক লৈ হৈ থকা গৱেষণাবিলাকৰ ভিতৰত এই আৱিষ্কাৰক অত্যন্ত গুৰুত্বপূর্ণ হিচাপে গণ্য কৰা হৈছে।

Exit mobile version