ডিগবৈত চাৰিদিনীয়াকৈ আৰম্ভ হ’ল সদৌ মৰাণ ছাত্ৰ সন্থাৰ ২১তম কেন্দ্ৰীয় অধিবেশন

WhatsApp Image 2020 10 29 at 5.05.34 PM 1

ডিগবৈত চাৰিদিনীয়াকৈ আৰম্ভ  হ’ল সদৌ মৰাণ ছাত্ৰ সন্থাৰ ২১তম কেন্দ্ৰীয় অধিবেশন

আজিৰে পৰা তিনিচুকীয়া জিলাৰ ডিগবৈত চাৰিদিনীয়াকৈ আৰম্ভ সদৌ মৰাণ ছাত্ৰ সন্থাৰ ২১তম কেন্দ্ৰীয় অধিবেশন ৷ পুৱাৰে পৰা উদুলি মুদুলি পৰিবেশৰ মাজত পতাকা উত্তোলন, শ্বহীদ তৰ্পণেৰে আৰম্ভ হোৱা কাৰ্যসূচীত দুকুৰিৰো অধিক সত্ৰাধিকাৰৰ উপস্থিতিত আৰম্ভ হয় মুকলি সভা ৷

আজিৰ কাৰ্যসূচী অনুসৰি সন্ধিয়ালৈ আৰম্ভ হ’ব কায্যনিৰ্বাহক আৰু প্ৰতিনিধি সভা ৷ আগন্তুক দুটা বৰ্ষৰ কাৰণে সভাপতি-সম্পাদকৰ দায়িত্ব কোনে লাভ কৰিব এই সন্দৰ্ভত আজিৰ প্ৰতিনিধি সভাই বিবেচনা কৰিব । ইফালে বৰ্তমানৰ সম্পাদক নৱ মৰাণৰ লগতে দেবেশ্বৰ মৰাণ, দিলীপ মৰাণ, শান্তনু মৰাণে সভাপতিৰ পদৰ দাবীদাৰৰ বিপৰীতে প্ৰতাপ মৰাণ, মুনিন দুৱৰা, অভিজিত মৰাণ, গিৰিণ মৰাণ সম্পাদকৰ পদৰ দাবীদাৰ ৷

উল্লেখযোগ্য যে বহু জল্পনা-কল্পনাৰ অন্তত আজি সমগ্ৰ নিশা হ’ব লগা ১৯ খনকৈ আঞ্চলিক সমিতিৰ প্ৰতিনিধি সভাই আগন্তুক দুটা বৰ্ষৰ সভাপতি-সম্পাদকৰ দায়িত্ব কোনে লাভ কৰিব চূড়ান্ত কৰিব  ৷

Exit mobile version