প্ৰতিকূলতা জীৱনত বাধা হ’ব নোৱাৰে

4a7ed32c be94 4ade 98a8 9819c3f3b586

কথাতে কোৱা হয় ইচ্ছা থাকিলেও বহু আশা পূৰণ নহয়। এনে ক্ষেত্ৰত কেতিয়াবা প্রতিকূলতাও বৃহৎ বাধাৰ ৰূপত সন্মুখত উপস্থিত হ’ব পাৰে। ফিলিপিনছৰ এক দম্পতীৰ।ক্ষেত্ৰত এই কথাই সত্যলৈ পৰিণত হ’বলৈ ওলাইছিল; কিন্তু সমান্তৰালভাৱে কোনাে বাধাই যে জীৱনক স্তব্ধ কৰি তুলিব নােৱাৰে সেইকথাৰাে প্রমাণ কৰাই নহয় জীৱনৰ বিশেষ মুহূর্তৰ উদযাপনাে কৰিছে এই দম্পতীয়ে।

বর্ণিল গুইলিপা আৰু জেজিয়েল মাচৌলা নামৰ এই দম্পতীয়ে প্রচণ্ড দুর্যোগৰ মাজতাে যােৱা ২৩ অক্টোবৰত নিজৰ বিবাহ অনুষ্ঠানক পূর্ণতা প্রদান কৰে। উল্লেখ্য যে ‘কুইণ্টনৰ’ নামৰ প্রচণ্ড ঘূর্ণী বতাহে যােৱা দিনকেইটাত ফিলিপিনছক জোঁকাৰি যায়। ধুমুহা বতাহৰ লগতে প্ৰৱল বৰষুণত দেশখনৰ অৱস্থা নাজল-নাথল হৈ পৰিছে। নদীবিলাকৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে।

কিন্তু এই সময়ত এনেদৰে প্রাকৃতিক বিপর্যয় সৃষ্টি হ’ব বুলি কোনেও ভবা নাছিল। অৱশ্যে নভবা কথাটোৱেই হ’ল বিবাহৰ সময়ত। জীৱনটোলৈ বান্ধোনত বান্ধ খাবলৈ বিচৰাৰ সময়তে গির্জালৈ যােৱাটোৱেই হৈ পৰিল অসম্ভৱ প্রায়। কিয়নাে গির্জালৈ যােৱা পথত থকা নদীখনে নতুন যৌৱন লাভ কৰাৰ দৰে ওফন্দি উঠিছিল । ফলত বিবাহৰ অনুষ্ঠান পিছুৱাই দিয়াৰ কথা ভবা হ’ল । পৰিয়াল- আত্মীয়সকলেও এই বিষয়ত পৰামর্শ দিলে, কিন্তু যুৱক-যুৱতীহালে বিবাহৰ দিন পিছুৱাবলৈ মান্তি নহ’ল।

বিবাহৰ নির্দিষ্ট দিনটোত পুৱাতে দুয়াে বিয়াৰ বিয়াৰ বিশেষ বিশেষ সাজ পৰিধান কৰি বিবাহৰ বাবে ওলাই যায় । কইনাৰ বগা সাজত যাতে কোনোধৰণে বোকাৰ দাগ নালাগে বাবে তাৰ প্ৰতি লক্ষ্য ৰাখে দৰাই । নদী পাৰ হোৱাৰ সময়ত সেয়ে দৰাই দাঙি ধৰে কইনাৰ দীঘল বগা সাজ । পৰস্পৰে পৰস্পৰক শক্তি যোগাই পথৰ তীব্ৰ বাধাকো অতিক্ৰম কৰি আগবাঢ়ি যায় গিৰ্জালৈ ।

গিৰ্জাত উপস্থিত হৈ দুয়ো সমগ্ৰ জীৱনলৈ একেলগে থকাৰ অংগীকাৰবদ্ধ হয় । এক ব্যতিক্ৰমী ৰূপত জীৱনৰ বিশেষ দিনটো সফলভাৱে সম্পূৰ্ণৰূপে কৰিবলৈ পাই ৰণিল আৰু জেজিয়েল অতিকৈ আনন্দিত। বিবাহ সম্পূৰ্ণ হোৱাৰ পাছতো প্ৰবল বৰষুণৰ বাবে দুয়ো বহু সময় গিৰ্জাতে আবদ্ধ হৈ থাকিবলগীয়া হয়। প্ৰৱল বৰষুণৰ মাজতে বিয়া সম্পন্ন হোৱাৰ পাছতে ছ’চিয়েল মিডিয়াত দিয়া বিয়াৰ ছবি ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

Exit mobile version