বিশিষ্ট চিত্ৰশিল্পী তথা ছবি পৰিচালক গৌৰী বৰ্মনৰ মৃত্যু

download 1

আজি বিশিষ্ট চিত্ৰশিল্পী তথা ছবি পৰিচালক গৌৰী বৰ্মণৰ গুৱাহাটীৰ তৰণ নগৰস্থিত বাসভৱনত ৮৪ বছৰ বয়সত মৃত্যু হয় ৷ প্ৰয়াত গৌৰী বৰ্মণৰ মৃত্যু অসমীয়া সাংস্কৃতিক জগতৰ কাৰণে এক বৃহৎ ক্ষতি ।

উল্লেখযোগ্য যে কেইবাখনো ছবিৰ লগতে তথ্যচিত্ৰৰো পৰিচালক, প্ৰযোজক আছিল বৰ্মণ। বৰ্মণৰ চিত্ৰকৰ্ম বিশ্বৰ লগতে দেশৰ বিভিন্ন ঠাইত প্ৰদৰ্শন হোৱাৰ লগতে সংগ্ৰহালয়ত সংৰক্ষণ হৈ আছে ।

আনহাতে অসমৰ প্ৰথম প্ৰাপ্ত বয়স্ক ছবি নিৰ্মাণ কৰিছিল গৌৰী বৰ্মনে ৷মহাপুৰুষ শংকৰদেৱ তথ্যচিত্ৰখনৰো পৰিচালক আছিল গৌৰী বৰ্মণ।উল্লেখযোগ্য যে গৌৰী বৰ্মনৰ মৃত্যুত বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে। আনহাতে আজি প্ৰয়াত বৰ্মনৰ মৃতদেহ নৱগ্ৰহত সৎকাৰ কৰা হয় ৷

Exit mobile version