ব্যয় বহন কৰিব পাৰিলে পাব জেড প্লাছ নিৰাপত্তা

224851 mukesh ambani security

মুকেশ আৰু অনিল আম্বানীৰ জেড প্লাছ নিৰাপত্তা প্ৰত্যাহাৰৰ বাবে জনোৱা আবেদন খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে। লগতে বোম্বে উচ্চ ন্যায়ালয়ৰ ৰায়ক সমৰ্থন জনালে দেশৰ সৰ্বোচ্চ আদালতে। ন্যায়ালয়ৰ মন্তব্য যিসকলৰ জীৱনৰ সংশয় আছে আৰু যিসকলে সেই নিৰাপত্তাৰ ব্যয় বহন কৰিব পাৰে ।

তেওঁলোককে জেড প্লাছ নিৰাপত্তা দিয়া উচিত। ইয়াৰ পূৰ্বে বোম্বে উচ্চ ন্যায়ালয়ে ৰায় দিছিল যে যি লোকৰ জীৱনৰ প্ৰতি আশংকা আছে আৰু যিসকল লোকে নিজৰ নিৰাপত্তা ব্যয় বহন কৰিব পাৰে,একমাত্ৰ তেওঁলোককে এই উচ্চ পৰ্যায়ৰ চৰকাৰী নিৰাপত্তা প্ৰদান কৰা উচিত৷

সেই ৰায়কে প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত হিমাংশু অগ্ৰৱাল নামৰ এজন লোকে এটা জনস্বাৰ্থ জড়িত আবেদন দাখিল কৰিছিল ।তেওঁৰ আবেদনত কোৱা হৈছিল যে আম্বানী ভ্ৰাতৃদ্বয়ৰ নিৰাপত্তাৰ বাবে দেশৰ জনসাধাৰণৰ ধন ব্যৱহাৰ হৈ আছে। তেওঁলোক যথেষ্ট ধনী আৰু নিজৰ নিৰাপত্তাৰ খৰচ নিজে বহন কৰাত সক্ষম ।

গতিকে আম্বানী ভ্ৰাতৃদ্বয়ক দিয়া চৰকাৰী জেড প্লাছ নিৰাপত্তা প্ৰত্যাহাৰ কৰা হওক। কিন্তু এই আবেদনত সঁহাৰি নিদিলে উচ্চ ন্যায়ালয়ে ৷উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে জীৱনৰ সংশয় থাকিলে আৰু সংশ্লিষ্ট চৰকাৰী নিৰাপত্তাৰ ব্যয় বহন কৰিব পাৰিলে ব্যক্তিবিশেষক জেড প্লাছ নিৰাপত্তা প্ৰদান কৰা হ’ব ।

Exit mobile version