শাক-পাচলিৰ অনাৱশ্যক মূল্যবৃদ্ধিয়ে ৰাজ্যত কেকোঁৰা চেপা দিছে গ্রাহকক

mark 1 2

ৰাজ্যত সম্প্রতি ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে শাক-পাচলিৰ মূল্যবৃদ্ধিয়ে। সাধাৰণ গ্রাহকৰ বাবে যেন একো একোটা জলকীয়া, পটল, ভেণ্ডি, বেঙেনাই বিয়াগােম আকাৰ ধাৰণ কৰিছে। যাৰ কেকোঁৰা চেপাত প্রায় কোঙা হৈ পৰিছে তলাবন্ধই সৃষ্টি কৰা আর্থিক জটিলতাত ভােগা সাধাৰণ পাচলি গ্রাহক। ৰাজ্যৰ সর্বত্রেই পাচলিৰ বজাত এতিয়া অৰাজক অৱস্থা।

অসাৰ খাদ্য, অসামৰিক যােগান বিভাগ আৰু গ্রাহক পৰিক্ৰমা বিভাগে নিজে ধোঁৱাচাঙত উঠি থকাৰ সুযােগ গ্রহণ কৰি অসাধু পাইকাৰী তথা খুচুৰা ব্যৱসায়ীয়ে অধিক মুনাফা লাভৰ আশাত পাচলিৰ আকাশলংঘী মূল্যবৃদ্ধি কৰাত সাধাৰণ গ্রাহকে এতিয়া আতংকতে বজামুখী হােৱাৰ পৰা বিৰত থাকিবলগীয়া অৱস্থাৰ উদ্ভৱ ঘটিছে।

অথচ এই বিষয়ত ৰাজ্য চৰকাৰ বা বিভাগৰ তৰফৰ পৰা কোনাে ধৰণৰ পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত হােৱা নাই। ফলত এইদৰে অনাৱশ্যক মূল্যবৃদ্ধিৰ সেউজ সংকেত দিয়া শিপাডাল কিমান দূৰলৈ শিপাই আছে, তাকে লৈও সর্বসাধাৰণৰ মনত প্ৰশ্নৰ উদয় হৈছে। এই ক্ষেত্ৰত অসাধু ব্যৱসায়ীৰে যােগান বিভাগৰ গােপন বুজাবুজিৰাে অভিযােগ উত্থাপিত হৈছে।

আশ্চৰ্যকৰভাৱে পাচলিৰ এনে গগনচুম্বী মূল্যবৃদ্ধি কোনে কি কাৰণত কৰিছে, সেয়া খুচুৰা বিক্রেতাসকলেও ক’ব নােৱাৰে। মূল্যবৃদ্ধিৰ সন্দৰ্ভত অধিকাংশ পাচলি ব্যৱসায়ীয়ে কোনাে ধৰণৰ সদুত্তৰ দিব পৰা নাই। এইসকল পাচলি ব্যৱসায়ীৰ সততে এটাই ধৰা-বন্ধা উত্তৰ, ‘জেগাতে দাম বাঢ়িছে।’

লক্ষ্যণীয়ভাৱে ৰাজ্যত সম্প্রতি পাচলিৰ কোনাে অভাৱ পৰিলক্ষিত হােৱা নাই। তলাবন্ধৰ সময়ৰ পৰাই বহু লােকে পাচলিৰ ব্যৱসায়ত হাত দিছে। বজাৰত পাচলিৰ অভাৱ নাই যদিও সেইবােৰ ক্ৰয় কৰা গ্ৰাহকৰহে অভাৱ ঘটিবলৈ ধৰিছে। নগাঁও চহৰতাে সম্প্রতি শাক-পাচলিৰ খুচুৰা বজাৰৰ মূল্য হাে-হােৱাই বাঢ়ি আছে।

আজি চহৰখনৰ খুচুৰা পাচলিৰ বজাৰসমূহত প্রতি কিলােগ্রামত বিলাহী ৭০-৮ টকা, পটল ৮০ টকা, ফুলকবি ৮০ টকা, বন্ধাকবি ৬০ টকা, লেচেৰা মাহ ৮০ টকা, ফ্রেন্স বিন ৮০ টকা, স্কোৱাছ ৪০ টকা, বেঙেনা ৬০ টকা, তিয়হ ৪০-৪৫ টকা, কেঁচা জলকীয়া দুশ টকা, কুন্দুলি ৬০ টকা, তিতা কেৰেলা ৮০ টকা, গাজৰ ৮০ টকা, নহৰু ২৩০-২৫০ টকা, কেপচিকাম এশ টকা, মূলা ৬০ টকা, অমিতা ৪০-৫০ টকা, আদা ৮০ টকা, ভীমকলৰ ডিল এটাত এশ টকা, কাছকলৰ আশী ৫০-৬০ টকা, পানীলাউ এটাত ৪০-৫০ টকা, নেমু হালিত ১২ টকা দৰত বিক্ৰী হােৱা পৰিলক্ষিত হয়।

অৱশ্যে চহৰৰ বিভিন্ন পথৰ দাঁতিত বহা অস্থায়ী পাচলিৰ বজাৰসমূহত এইসমূহ পাচলিৰ মূল্য চহৰৰ আন বৃহৎ খুচুৰা বজাৰ কেইখনৰ তুলনাত প্রতি কেজিত দুই-তিনি টকা বেছি আছিল। মন কৰিবলগীয়া যে মৰিগাঁও জিলাৰ ভূৰাগাঁও, লাহৰীঘাট, মৈৰাবাৰী অঞ্চলৰ কৃষকে উৎপাদন কৰা শাক-পাচলি ৰাজ্যৰ বিভিন্ন স্থানলৈ পর্যাপ্ত পৰিমাণে সৰবৰাহ হৈ আহিছিল।

কিন্তু কে’বাটাও বানে চলিত বৰ্ষত এই অঞ্চলসমূহক জুৰুলা কৰাত এইবাৰ পাচলি উৎপাদন যথেষ্ট হ্রাস পাইছে। তৎসত্ত্বেও সদায় শাক-পাচলিৰে উভৈনদী হৈ থকা ভূৰাগাঁও, মৈৰাবাৰী, লাহৰীঘাট আদিৰ কৃষকে বর্তমানেও শাক-পাচলি উৎপাদন কৰি অঞ্চলসমূহৰ চাহিদা পূৰণ কৰি আছে। অথচ এই অঞ্চলসমূহৰ বজাৰৰ পৰা শাক-পাচলি কিনি খােৱাটো সম্প্রতি সাধাৰণ লােকৰ বাবে দুঃস্বপ্নত পৰিণত হৈছে।

আনকি নিজে উৎপাদন কৰি কোনাে দিনেই উচিত মূল্য লাভ নকৰা স্থানীয় কৃষকসকলেই এতিয়া বজাৰত শাক-পাচলিৰ দাম শুনি মূৰে-কপালত হাত দিবলগীয়া অৱস্থা হৈছে। কিয়নাে কপালৰ ঘাম মাটিত পেলাই শাক-পাচলি উৎপাদন কৰা কৃষকসকলে পােৱা মূল্যৰ তুলনাত বজাৰত বিক্ৰী হােৱা পাচলিৰ মূল্য কে’বা গুণে বেছি। একাংশ স্থানীয় কৃষকে অভিযােগ কৰে যে বজাৰত পাচলিৰ যি আকাশলংঘী মূল্য, তাৰ ল তুলনাত তেওঁলােকে উৎপাদন কৰাৰ বাবদ উচিত দাম লাভ কৰিবলৈ সক্ষম হােৱা নাই।

একাংশ মধ্যভােগীয়ে তেওঁলােকৰ উৎপাদিত পাচলিৰ অভাৱনীয় মূল্যবৃদ্ধি কৰা বুলিও তেওঁলােকে অভিযােগ কৰে। সম্প্রতি ভূৰাগাঁও, লাহৰীঘাট, মৈৰাবাৰী, বৰালিমাৰী, গেৰুৱা আদি বজাৰত প্রতি কিলােগ্ৰামত উৰহী এশ টকা, বিলাহী ৬০ টকা, বেঙেনা ৩০ টকা, ফুল কবি এশ টকা, কেঁচা জলকীয়া ১৬০ টকা, পটল ৪০ টকা, ভাত কেৰেলা ৪০ টকা, জিকা ৩০ টকা দৰত বিক্ৰী হৈ আছে।

অভিযােগ অনুসৰি, একাংশ মধ্যভােগীয়ে চলােৱা ছিণ্ডিকেটৰ বাবেই প্রতি কিলােগ্রামত ১৫-২০ টকাত ক্ৰয় কৰা পাচলিৰ দাম বজাৰত হয়গৈ ৫০-৬০ টকা। যাৰ পৰিণতি ভােগ কৰিছে সাধাৰণ লােকে। বহু লােকে মন্তব্য কৰিছে যে ৰাজ্যৰ বিধানসভা নির্বাচনলৈ মাত্ৰ কেইটামান মাহহে বাকী আছে।

এনে সময়তে পাচলিৰ নিয়ন্ত্রণহীন মূল্য আৰু ছিণ্ডিকেটৰাজে সকলােকে মাধমাৰ শােধাইছে। নির্বাচনৰ দিন চমু চাপিলে আৰু পৰৱৰ্তী সময়ত এই মূল্যবৃদ্ধিয়ে কি আকাৰ ধাৰণ কৰিব, তাকে ভাবি এতিয়াই ত্ৰস্তমান হৈ পৰিছে সাধাৰণ লােক ।

Exit mobile version