কৃষি কৰ্মৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে বঙাইগাঁৱৰ জিষ্ণু ৰাম ৰায়ে

956b44c2 dadb 4ccf 9a5b b78a268b3914

স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে বঙাইগাঁও জিলাৰ জিষ্ণু ৰাম ৰায় নামৰ শিক্ষিত যুৱকজনে ৷ চৰকাৰী চাকৰিৰ পিছে পিছে দৌৰি সময় নষ্ট নকৰি কাঠফুলাৰ লগতে মৌ পালন,কল বাগানেৰে স্বাৱলম্বী হৈছে জিষ্ণু ৰাম ৰায় ।ইফালে নিবনুৱা যুৱক-যুৱতীসকলক কাঠফুলা খেতিৰো প্ৰশিক্ষণো দিয়ে জিষ্ণু ৰাম ৰায়ে ।

শিক্ষা লাভ কৰি চাকৰিৰ পিচে পিচে দৌৰি সময় নষ্ট নকৰি জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ সৈতে যোগাযোগ কৰি কৃষি কৰ্মত ব্ৰতী হৈ আত্মনিৰ্ভৰ জিষ্ণু ৰাম ৰায় নামৰ আদৰ্শ যুৱকজন । বিগত চাৰি বছাৰৰ পৰা কৃষি কৰ্মত জড়িত হোৱা এই জন যুৱকে বৰ্তমান নিজকে এজন সফল খেতিয়ক বুলি দাবী কৰিছে।

উল্লেখ্য যে অসম কৃষি প্ৰধান ৰাজ্য যদিও শিক্ষিত যুৱক-যুৱতীসকলক চৰকাৰে উপযুক্ত ভাৱে প্ৰশিখনৰ ব্যৱস্থা নকৰা তথা অন্যান্য বিভিন্ন কাৰণত আজি কৃষি কৰ্মৰ পৰা বহু আঁতৰত শিক্ষিত লোকসকল৷ সাধাৰণ দৰিদ্ৰসকলেহে যেন কৃষি কৰ্মত জড়িত হৈছে ।

গতিকে মানুহৰ এই ধৰণৰ মন মানসিকতাৰ পৰিৱৰ্তন কৰাৰ দায়িত্ব চৰকাৰে । চৰকাৰে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে নিশ্চয়কৈ অসম কৃষি প্ৰধান ৰাজ্য হিচাপে দেশৰ ভিতৰতে আকৌ জিলিকিবলৈ সক্ষম হ’ব।

Exit mobile version