নগাঁৱত অস্তিত্বহীন যোগান বিভাগ : চাউল-দাইলকে ধৰি সকলো সামগ্ৰীৰেই মূল্যবৃদ্ধি

BL24ONION

নগাঁও জিলাত সম্প্ৰতি খাদ্য, অসামৰিক যোগান বিভাগ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগটো বগাহাতীতহে পৰিণত হৈছে । জিলা খনত এই বিভাগটোৱে সৰ্বসাধাৰণ গ্ৰাহক ৰাইজৰ অধিকাৰ সুনিশ্চিত কৰাৰ বিপৰীতে একাংশ অসাধু ব্যৱসায়ীৰ স্বাৰ্থ সুনিশ্চিত কৰাৰ ক্ষেত্ৰতহে বিশেষ তৎপৰ হৈ থকা পৰিলক্ষিত হয় ।

নগাঁও জিলাৰ লাখ লাখ গ্ৰাহকৰ সেৱাৰ বাবে জিলা খনত বিভাগটোৰ অধীনত চৰকাৰে এজন উপ সঞ্চালক, কে’বাজনো পৰিদৰ্শক, উপ পৰিদৰ্শক নিয়োগ কৰি ৰখাৰ উপৰিও বিভাগটোৰ কাম-কাজ সমূহৰ তদাৰকৰ বাবে জিলাখনৰ এজন অতিৰিক্ত উপায়ুক্তকো যোগান বিভাগৰ দায়িত্ব অৰ্পণ কৰা পৰিলক্ষিত হৈছে ।

বিভাগটোৰ এই বিষয়া, পৰিদৰ্শক, উপ পৰিদৰ্শক সকলে ৰাইজে যাতে উন্নত মানদণ্ডৰ নিৰ্ভেজাল খাদ্য সামগ্ৰী উচিত মূল্যত ব্যৱসায়ীৰ পৰা ক্ৰয় কৰিব পাৰে এই ক্ষেত্ৰত প্ৰতি পদে পদে চোকা নজৰ ৰাখিব লাগে। কিন্তু ইয়াৰ বিপৰীতে নগাঁও জিলা যোগান বিভাগৰ বিষয়া-কৰ্মচাৰী সকলৰ অসাধু ব্যৱসায়ী সকলৰে থকা গোপন বুজাবুজিৰ বাবেই গ্ৰাহক ৰাইজৰ দুৰ্গতিৰ সীমা নোহোৱা হৈছে । জিলা খনত প্ৰতি পদে পদে উলংঘন হৈছে গ্ৰাহক সুৰক্ষা আইন ।

আনহাতে, চৰকাৰী বিধি অনুসৰি, একোখন জিলাৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জিলা খনৰ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী সমূহৰ পাইকাৰী আৰু খুচুৰা দাম নিৰ্ধাৰণ কৰি এই বিষয়ে ৰাইজক অৱগত কৰিব লাগে । চৰকাৰী নিৰ্দেশনা অনুসৰি, বিভাগটোৱে প্ৰতি সপ্তাহত সাধাৰণ চাউল, ছুপাৰ ফাইন চাউল, আইজং চাউল, মচুৰ দাইল(ডাঙৰ), মচুৰ দাইল(সৰু), ৰহৰ দাইল, বুটৰ দাইল, মাটি দাইল, মগু দাইল, আটা, পিঁয়াজ, আলু, মিঠাতেল, ৰিফাইন তেল, চিৰা, গুড়, বনস্পতি, গাখীৰকে ধৰি প্ৰায় ত্ৰিশ বিধ খাদ্য সামগ্ৰীৰ পাইকাৰী আৰু খুচুৰা দাম নিৰ্ধাৰণ কৰি এই খাদ্য সামগ্ৰীৰ নিৰ্ধাৰিত মূল্যৰ বিষয়ে জিলা তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা বিভিন্ন বাতৰি কাকতত বিজ্ঞাপনৰ জৰিয়তে প্ৰকাশ কৰিব লাগে ।

যাতে সৰ্বসাধাৰণ ৰাইজেও প্ৰতিবিধ খাদ্য সামগ্ৰীৰ পাইকাৰী আৰু খুচুৰা দামৰ বিষয়ে জানিব পাৰে। কিন্তু অতি পৰিতাপৰ বিষয়যে নগাঁও জিলা খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে কোনোদিনে খাদ্য সামগ্ৰীৰ নিৰ্ধাৰিত মূল্যৰ বিষয়ে ৰাজহুৱাকৈ সৰ্বসাধাৰণ ৰাইজক অৱগত কৰা পৰিলক্ষিত হোৱা নাই ।

ইপিনে, জিলাখনৰ একাংশ গ্ৰাহকে অভিযোগ উত্থাপন কৰা মতে, নগাঁও জিলা যোগান বিভাগ আৰু ডাঙৰ ডাঙৰ ব্যৱসায়ী সকলৰ মাজত গোপন বুজাবুজি আছে । যাৰ বাবে বিভাগটোৱে ব্যৱসায়ী সকলৰ স্বাৰ্থকহে সদায় অগ্ৰাধিকাৰ দি আহিছে । আনহাতে, জিলা খনত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে বিভিন্ন খাদ্য সামগ্ৰীৰ পাইকাৰী আৰু খুচুৰা মুল্য যোগান বিভাগৰ সলনি পাইকাৰী ব্যৱসায়ী সকলেহে নিৰ্ধাৰণ কৰি আহিছে ।

ঠিক একেদৰে, খাদ্য সামগ্ৰী সমূহৰ খুচুৰা দামো খুচুৰা ব্যৱসায়ী সকলে নিজেই নিৰ্ধাৰণ কৰি আহিছে । যাৰ ফলত জিলা খনৰ আন ঠাইৰ উপৰিও নগাঁৱৰ বিভিন্ন স্থানত থকা পাইকাৰী আৰু খুচুৰা ব্যৱসায়িক প্ৰতিষ্ঠান সমূহত খাদ্য সামগ্ৰীৰ দামো ভিন্ন হোৱা পৰিলক্ষিত হৈছে ।যাৰ ফলত সৰ্বসাধাৰণ জনসাধাৰণে ব্যৱসায়ীয়ে নিৰ্ধাৰণ কৰি দিয়া দামতেই খাদ্য সামগ্ৰী ক্ৰয় কৰিবলৈ বাধ্য হৈছে ।

আনহাতে,সামগ্ৰীৰ মানদণ্ড নিৰূপণৰ ক্ষেত্ৰতো নগাঁও জিলা যোগান বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । বিভাগটোৰ বিষয়া সকলক ব্যৱসায়ী সকলে তদাৰক কৰি উচিত মূল্যতকৈ বহু বেছি দামত খাদ্য সামগ্ৰী ক্ৰয় কৰাত সৰ্বসাধাৰণ জনতা সৰ্বস্ৰান্ত হ’ব লগীয়া হৈছে।  আজি নগাঁও চহৰৰ একাধিক বজাৰত চলোৱা এক জৰীপত প্ৰকাশ পোৱা তথ্য অনুসৰি, চহৰ খনৰ বজাৰত প্ৰতিকিলো সাধাৰণ চাউলৰ সৰ্বনিম্ন দাম ৩৫-৪০টকা ।

আনহাতে, আজিৰ দিনটোত চহৰ খনৰ বজাৰত সাধাৰণ শ্ৰেণীৰ মচুৰ দাইলৰ দাম প্ৰতি কেজিত ৮৫-৯০টকা, নন পলিচ মচুৰ দাইলৰ প্ৰতি কেজিৰ দাম ৯৫-১০০টকা, প্ৰতি কেজি মগু দাইলৰ দাম ১০৫-১১০টকা, প্ৰতি কেজি বুটৰ দাইলৰ দাম ৭৫-৮০টকা, প্ৰতি কেজি মটৰ দাইলৰ দাম ৮০টকা, প্ৰতি কেজি ৰহৰ দাইলৰ দাম ১৩০টকা, প্ৰতি কেজি বাকলি থকা ফলা মগু মাহৰ দাম ১০০-১০৫টকা, প্ৰতি কেজি বূটৰ দাম ৭৬-৮০টকা, প্ৰতি কেজি গ্ৰীণ মটৰৰ দাম ১৭০টকা, প্ৰতি কেজি সাধাৰণ আটাৰ দাম ৩০-৩৫ টকা আৰু প্ৰতি কেজি ময়দাৰ দাম ৩০-৩৫টকা ।

ইপিনে, ১০০টকা প্ৰতি লিটাৰৰ মিঠাতেলৰ দামো ১৩৫-১৪০টকালৈ বৃদ্ধি পাইছে । আজিৰ দিনটোত চহৰখনৰ বজাৰত প্ৰতি লিটাৰ ধাৰা মিঠাতেলৰ (পেকেট)দাম ১৩৫-১৪০টকা, প্ৰতি লিটাৰ গকুল মিঠাতেলৰ (পেকেট) ৰ দাম ১২০-১২৫টকা, প্ৰতি লিটাৰ চফ’লা ৰিফাইনৰ দাম ১৩৫-১৪৫টকা হৈছেগৈ ।

ইপিনে, নগাঁও জিলাত অত্যাধিক মূল্যবৃদ্ধিৰ বাবে আলু-পিঁয়াজো বিলাসী সামগ্ৰীত পৰিণত হৈছে । আজিৰ দিনটোত নগাঁৱৰ বজাৰত প্ৰতিকিলো কলকতাৰ আলুৰ দাম ৪৫টকা, আনহাতে প্ৰতি কেজি পিঁয়াজৰ দাম ৭৫-৮০টকা । ফলত কম আয়ৰ আৰু দৰিদ্ৰ পৰিয়ালৰ লোকে এই খাদ্য সামগ্ৰী দুবিধ ক্ৰয় কৰিবলৈ গৈ দহবাৰ ভাবিবলগীয়া হোৱা পৰিস্থিতিৰ সৃষ্টি হৈছে।

Exit mobile version