ফ্রান্সৰ গির্জাত আল্লাহু আকবৰ ধ্বনি দি মহিলাক শিৰচ্ছেদ সন্ত্রাসবাদীৰ

1200x627 1572355731842

ফ্রান্সৰ ভূমধ্য সাগৰ স্পর্শ কৰি থকা নগৰী নিইচেৰ এক গির্জাঘৰত সন্ত্রাসবাদীৰ নৃশংস আক্রমণত এগৰাকী মহিলাসহ তিনিজন লােকে প্রাণ হেৰুৱায়। হাতত উদ্যত ছুৰী লৈ ‘আল্লাহু আকবৰ’ ধ্বনি দি আক্রমণকাৰীয়ে গির্জাঘৰটোত এগৰাকী মহিলাক শিৰচ্ছেদ কৰাৰ লগতে আন এজনক হত্যা কৰে ।

স্থানীয় আৰক্ষী আৰু বিষয়াসকলে এই তথ্য সদৰী কৰিছে। নিইচেৰ মেয়ৰ খ্ৰীষ্টিয়ান এষ্ট্রছিয়ে এই আক্ৰমণৰ ঘটনাক সন্ত্রাসবাদী আক্রমণ আখ্যা দিয়ে। তেওঁ কয় যে আক্রমণকাৰীয়ে উচ্চস্বৰত চিঞৰিছিল। বাৰে বাৰে ‘আল্লাহু আকবৰ’ অর্থাৎ ঈশ্বৰ মহান বাণী আওৰাইছিল। আৰক্ষীয়ে আটক কৰাৰ পাছতাে তেওঁ এইদৰে বাৰম্বাৰ চিঞৰিছিল ।

ঘটনাত গির্জাৰ ভিতৰত নিহত এজন লােক গির্জাঘৰটোৰ ৱাৰ্ডেন আছিল বুলি এষ্ট্রছিয়ে কয়। তেওঁ কয় যে আন এগৰাকী মহিলাই গির্জাৰ ভিতৰৰ পৰা প্ৰাণ ৰক্ষাৰ বাবে পলায়ন কৰি তাৰ বিপৰীত দিশত থকা এখন বাৰলৈ গৈছিল ।

মেয়ৰে জনােৱা মতে, সন্দেহজনক ছুৰিকাঘাতকাৰীক আৰক্ষীয়ে গুলীয়াই আটক কৰে আৰু বর্তমান আক্রমণকাৰী চিকিৎসাধীন অৱস্থাত আছে । যথেষ্ট হৈছে । আমাৰ অঞ্চলৰ পৰা ইছলামিক ফেচিবাদ মষিমূৰ কৰিবলৈ ফ্রান্সে শান্তিৰ আইনৰ পৰা নিজকে সলনি কৰাৰ সময় হৈছে । এইদৰে কয় মেয়ৰ এষ্ট্রছিয়ে ।

সম্প্রতি গির্জাৰ চৌপাশে কটকটীয়া নিৰাপত্তাৰ বেহু গঢ়ি তােলা হৈছে। মনকৰিবলগীয়া যে এই  গির্জা নগৰীখনৰ মূল বজাৰ্থলীতে অৱস্থিত। মেয়ৰ এষ্ট্রছিয়ে জনােৱা মতে, ফ্রান্সৰ ৰাষ্ট্রপতি ইমানুৱেল মেক্ৰ’নে নিইচে ভ্রমণলৈ আহিব । ইপিনে, এই ঘটনাৰ বলিসকলৰ প্রতি সহমর্মিতা প্রদর্শন কৰি পেৰিছত ৰাষ্ট্ৰীয় বিধানসভাৰ প্রতিনিধিসকলে এক মিনিটৰ মৌনতা অৱলম্বন কৰে ।

আৰক্ষীয়ে জনােৱা মতে, এই আক্রমণত তিনিজনৰ মৃত্যু হােৱাটা নিশ্চিত হৈছে আৰু আন বহুজন আহত হৈছে । ফ্রান্সৰ সন্ত্রাসবাদ বিৰােধী প্রছিকিউটৰ বিভাগে এই নৃশংস ঘটনা তদন্ত কৰিব । এষ্ট্রছিয়ে কয় যে অতি নৃশংস ৰূপত দুর্গতসকলক হত্যা কৰা হৈছে ।

তেওঁ কয় যে চলিত মাহৰ আৰম্ভণিৰ ফালে পেৰিছৰ এক উপকণ্ঠ অঞ্চলত এগৰাকী ফৰাচী শিক্ষকক যি পদ্ধতিৰে শিৰচ্ছেদ কৰা হৈছিল একেদৰেই আজিৰ ঘটনা সংঘটিত কৰা হৈছে। ছেমুৱেল পেটী নামৰ শিক্ষকজনৰ আক্ৰমণকাৰীয়ে স্বীকাৰােক্তিত কয় যে হজৰত মহম্মদৰ কার্টুন প্রদর্শন কৰাৰ বাবে তেওঁ পেটীক শাস্তি দিব বিচাৰিছিল। এছিয়ে জনােৱা মতে, আজিৰ নৃশংস আক্ৰমণত মহিলাগৰাকীক শিৰচ্ছেদ কৰা হৈছে। অৱশ্যে এই আক্ৰমণৰ ঘটনাৰ কার্টুনৰ স’তে জড়িত হয় নে নহয় সেয়া নিশ্চিত হােৱা নাই।

মনকৰিবলগীয়া যে শিক্ষক পেটীক হত্যাৰ পাছত ফৰাচী বিষয়াকে ধৰি অন্যান্য বহু সাধাৰণ নাগৰিকে কার্টুন প্রদর্শন কৰিবলৈ অধিক দৃঢ় হয় আৰু এনে কার্টুন প্রদর্শন কৰি সমদল কৰে। এনে ঘটনাই মুছলিম বিশ্বৰ বিভিন্ন অংশত ক্ষোভৰ সৃষ্টি কৰিছে।

Exit mobile version