বঙাইগাঁও জিলাৰ ঐতিহাসিক তামৰঙা বিলত মহলদাৰৰ অত‍্যাচাৰৰ বলি স্থানীয় মাছমৰীয়া সকল

WhatsApp Image 2020 10 30 at 11.44.04 AM

বঙাইগাঁও জিলাৰ তামৰঙা বিলৰ মাছমৰীয়াৰ ওপৰত চলিছে মহলদাৰৰ অত্যাচাৰ । কিন্তু এই বিষয়ত নিৰৱ বঙাইগাঁও জিলাৰ মীন বিভাগ, জিলা প্ৰশাসন আৰু আৰক্ষী । উল্লেখ্য যে, বঙাইগাঁৱৰ তামৰঙা বিলৰ ওপৰত নিৰ্ভৰ কৰি প্ৰায় ১৫০০ মৎস্যজীৱী ৰাইজে জীৱন নিৰ্বাহ কৰি আহিছে । তামৰঙা বিলৰ চাৰিওদিশৰ বাৰীপুখুৰী, ঘিলাগুৰি, বিষ্ণুপুৰ, আমতলী, বেলতলা, হীৰাপাৰা আৰু ছিলটীপাৰাৰ প্ৰায় ১৫০০ টা পৰিয়ালৰ মৎস্যজীৱি ৰাইজে নিৰ্যাতিত আৰু শোষিত হৈ আহিছে বিলখনৰ মহলদাৰৰ দ্বাৰা।

তলাবন্ধৰ সময়ৰে পৰা মাছমৰীয়া সকলে বিলখনত মাছ মাৰিব নোৱাৰি নিজৰ জীৱিকা হেৰুৱাইছিল। ইয়াৰ মাজতে নতুন মহলদাৰ উত্তম দাসে বিলখনৰ ঠিকা লাভ কৰে । তিনিমাহ পূৰ্বে মীন বিভাগে মাছমৰীয়াসকলক পেৰাছুট সূতাৰে প্ৰস্তুত মাছৰ জাল ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। এই জাল প্ৰস্তুত কৰোতে খৰচ হয় প্ৰায় ৮০/৯০ হেজাৰ টকা । ঋণ লৈ মাছমৰীয়াসকলে এই জাল প্ৰস্তুত কৰে যদিও কিন্তু ইয়াৰ মাজতে মহলদাৰ উত্তম দাসে বিল এলেকাৰ বাহিৰৰ মানুহৰ দ্বাৰা বিলখনত প্লাষ্টিকৰ নেট ব্যৱহাৰ কৰি অবৈধভাৱে মাছ মৰা আৰম্ভ কৰে ।

স্থানীয় মাছমৰীয়াসকলে এই কথাত প্ৰতিবাদ কৰাৰ লগতে তেওঁলোকে মহলদাৰ উত্তম দাসক মাছ মৰাৰ অধিকাৰ বিচৰাত উত্তমে নিজৰ অত্যাচাৰ চলায় এলেকাটোৰ মাছমৰীয়াৰ ওপৰত । অভিযোগ মতে, চৰকাৰী কৰ ফাঁকি মৰাৰ উদ্দেশ্যে বাহিৰা মানুহৰ দ্বাৰা প্লাষ্টিকৰ নেট ব্যৱহাৰ কৰি অধিক মুনাফা লুটাৰ উদ্দেশ্যে মহলদাৰ উত্তমে এলেকাটোৰ মাছমৰীয়াক জীৱিকা অৰ্জনৰ পৰা বঞ্চিত কৰিছে। সেয়ে মাছমৰীয়াসকলে ইয়াৰ উচিত ব্যৱস্থা বিচাৰি প্ৰশাসনক পুনৰ আহ্বান জনাইছে।

Exit mobile version