লায়লাপুৰ, খুলিচৰাৰ পিছত এইবাৰ মিজোসকলৰ লক্ষ্য ধলাই বিধানসভাৰ তুলাৰতল, মৌলবীখাল আৰু বীৰেশনগৰ গাঁও

WhatsApp Image 2020 10 30 at 4.35.29 PM

লায়লাপুৰ, খুলিচৰাৰ পিছত এইবাৰ মিজো সকলে লক্ষ্য কৰি লৈছে সীমান্তৰ ধলাই বিধানসভাৰ তুলাৰতল, মৌলবীখাল আৰু বীৰেশনগৰ গাঁও ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে অসম মিজোৰাম সীমান্তৰ তুলাৰতল গাঁৱত তীব্ৰ উত্তেজনাই দেখা দিয়ে । দুপৰীয়া ১২ মান বজাত মিজো আৰক্ষীয়ে দুই অসমীয়া লোকক অপহৰণ কৰাৰ কিছুসময় পাছতে খেতিপথাৰত কাম কৰি থকা চাৰিজন অসমীয়াক মিজো আৰক্ষীয়ে বন্দুক ধৰি লৈ যোৱাৰ চেষ্টা চলায় ।

দুৰ্ভাগ্যক্ৰমে তেওঁলোকে নৈত জাপ দি পলাই আহিবলৈ সক্ষম হয় আৰু ইয়াৰ পিছতে সীমান্তবৰ্তী গাঁও খনত তীব্ৰ উত্তেজনাই বিৰাজ কৰে । উত্তেজিত ৰাইজে দা-লাঠী লৈ সীমান্তৰ দিশে ৰাওনা হয় আৰু পৰিস্থিতি দেখি মিজো আৰক্ষী পিছৱাই যাবলৈ বাধ্য হয় যদিও সম্প্ৰতি মিজো সকলৰ ভয়ত গাঁৱৰ বহু পৰিয়ালে গাঁও এৰি নিৰাপদ স্থানত আশ্ৰয় লয় ।

ইপিনে অসমক আক্ৰমণৰ সম্পূৰ্ণ পৰিকল্পনা ৰচিছে মিজোৰামে ৷ ইতিমধ্যে হাজাৰ হাজাৰ মিজো অস্ত্ৰশস্ত্ৰ লৈ বিভিন্ন স্থানৰ পৰা আহি সীমান্তত গোট হৈছে বুলি সূত্ৰত প্ৰকাশ ৷ ইয়াৰ মাজতে যোৱা নিশা মিজোৰামৰ গিৰ্জাই গিৰ্জাই মিজো সকলক একত্ৰিত হোৱাৰ আহ্বান জনোৱাৰ লগতে নিশা ১২ বজাৰ ভিতৰত অস্ত্ৰশস্ত্ৰ, খাদ্য-সামগ্ৰী লৈ সীমান্তলৈ যোৱাৰ নিৰ্দেশ দিয়া হৈছিল বুলি সূত্ৰত প্ৰকাশ ৷

এক কথাত যুদ্ধৰ বাবে সম্পূৰ্ণ সাজু হৈছে মিজোৰাম ৷ যাৰ ফলশ্ৰুতিত অসম মিজোৰাম সীমান্তত যিকোনো সময়ত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে ৷ ইপিনে লায়লাপুৰৰ ৰাইজে যোৱা তিনিদিন ধৰি মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ অব্যাহত ৰাখিছে । ইয়াৰ ফলত অসম মিজোৰাম ৰাষ্ট্ৰীয় ঘাইপথত হাজাৰ হাজাৰ যানবাহন আবদ্ধ হৈ আছে  ৷ অৱৰোধকাৰী সকলৰ স্পষ্ট ভাষ্য যেতিয়ালৈকে মিজোসকলে অসমৰ ভূমি এৰি গুচি নাযায় তেতিয়ালৈ এই অৰ্থনৈতিক অৱৰোধ অব্যাহত থাকিব ৷

Exit mobile version