লায়লাপুৰ, খুলিচৰাৰ পিছত এইবাৰ মিজো সকলে লক্ষ্য কৰি লৈছে সীমান্তৰ ধলাই বিধানসভাৰ তুলাৰতল, মৌলবীখাল আৰু বীৰেশনগৰ গাঁও ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে অসম মিজোৰাম সীমান্তৰ তুলাৰতল গাঁৱত তীব্ৰ উত্তেজনাই দেখা দিয়ে । দুপৰীয়া ১২ মান বজাত মিজো আৰক্ষীয়ে দুই অসমীয়া লোকক অপহৰণ কৰাৰ কিছুসময় পাছতে খেতিপথাৰত কাম কৰি থকা চাৰিজন অসমীয়াক মিজো আৰক্ষীয়ে বন্দুক ধৰি লৈ যোৱাৰ চেষ্টা চলায় ।
দুৰ্ভাগ্যক্ৰমে তেওঁলোকে নৈত জাপ দি পলাই আহিবলৈ সক্ষম হয় আৰু ইয়াৰ পিছতে সীমান্তবৰ্তী গাঁও খনত তীব্ৰ উত্তেজনাই বিৰাজ কৰে । উত্তেজিত ৰাইজে দা-লাঠী লৈ সীমান্তৰ দিশে ৰাওনা হয় আৰু পৰিস্থিতি দেখি মিজো আৰক্ষী পিছৱাই যাবলৈ বাধ্য হয় যদিও সম্প্ৰতি মিজো সকলৰ ভয়ত গাঁৱৰ বহু পৰিয়ালে গাঁও এৰি নিৰাপদ স্থানত আশ্ৰয় লয় ।
ইপিনে অসমক আক্ৰমণৰ সম্পূৰ্ণ পৰিকল্পনা ৰচিছে মিজোৰামে ৷ ইতিমধ্যে হাজাৰ হাজাৰ মিজো অস্ত্ৰশস্ত্ৰ লৈ বিভিন্ন স্থানৰ পৰা আহি সীমান্তত গোট হৈছে বুলি সূত্ৰত প্ৰকাশ ৷ ইয়াৰ মাজতে যোৱা নিশা মিজোৰামৰ গিৰ্জাই গিৰ্জাই মিজো সকলক একত্ৰিত হোৱাৰ আহ্বান জনোৱাৰ লগতে নিশা ১২ বজাৰ ভিতৰত অস্ত্ৰশস্ত্ৰ, খাদ্য-সামগ্ৰী লৈ সীমান্তলৈ যোৱাৰ নিৰ্দেশ দিয়া হৈছিল বুলি সূত্ৰত প্ৰকাশ ৷
এক কথাত যুদ্ধৰ বাবে সম্পূৰ্ণ সাজু হৈছে মিজোৰাম ৷ যাৰ ফলশ্ৰুতিত অসম মিজোৰাম সীমান্তত যিকোনো সময়ত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে ৷ ইপিনে লায়লাপুৰৰ ৰাইজে যোৱা তিনিদিন ধৰি মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ অব্যাহত ৰাখিছে । ইয়াৰ ফলত অসম মিজোৰাম ৰাষ্ট্ৰীয় ঘাইপথত হাজাৰ হাজাৰ যানবাহন আবদ্ধ হৈ আছে ৷ অৱৰোধকাৰী সকলৰ স্পষ্ট ভাষ্য যেতিয়ালৈকে মিজোসকলে অসমৰ ভূমি এৰি গুচি নাযায় তেতিয়ালৈ এই অৰ্থনৈতিক অৱৰোধ অব্যাহত থাকিব ৷