অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত হ’ব ধাৰাষাৰ বৰষুণঃকেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰ

in heavy rain

আজিৰে পৰা দুদিনলৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই৷

আনহাতে বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি অসমকে ধৰি অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰ , নাগালেণ্ড আদি ৰাজ্যসমূহতো আজিৰে পৰা দুদিনলৈ ধাৰাষাৰ বৰষুণ হ’ব।

বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে বৰষুণৰ লগতে এই ৰাজ্য কেইখনত ঘণ্টাত ৪০-৫০ কিলোমিটাৰ বেগেৰে বতাহো বলিব।

লগতে এই সময়ছোৱাত বিভিন্ন ৰাজ্যত বিজুলী-ঢেৰেকনিৰে বৰষুণ হ’ব বুলি কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰ সূত্ৰই প্ৰকাশ কৰিছে।

Exit mobile version