আগন্তুক অষ্ট্ৰেলিয়া ভ্ৰমণত অনুমতি প্ৰদান ক্ৰিকেটাৰৰ পত্নী -সন্তানক

pjimage 1539079310

ভাৰতীয় ক্ৰিকেট দলৰ আগন্তুক অষ্ট্ৰেলিয়া ভ্ৰমণত খেলুৱৈসকলৰ সংগী হ’ব পাৰিব তেওঁলোকৰ পত্নী বান্ধৱী বা সন্তানে। বিচিচিআইৰ এই অনুৰোধত সঁহাৰি জনাইছে ক্ৰিকেট অষ্ট্ৰেলিয়াই। ফলত বিৰাট কোহলি,ৰবীন্দ্ৰ জাদেজা আদিৰ বাবে পত্নী সন্তানক অষ্ট্ৰেলিয়ালৈ নিয়াত কোনো বাধা নাথাকিল ।

ADVERTISEMENT

উল্লেখযোগ্য যে আই পি এলৰ সমাপ্তিৰ লগে লগে দীঘলীয়া ক্ৰীড়াসূচী লৈ ভাৰতীয় দলে অষ্ট্ৰেলিয়ালৈ উৰা মাৰিব ।বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীৰ ইচ্ছাক প্ৰাধান্য দি বৰ্ডে এই সন্দৰ্ভত ক্ৰিকেটাৰসকলক অনুমতি প্ৰদান কৰিলে। কিছুদিনৰ পূৰ্বে ভাৰতীয় ক্ৰিকেটাৰৰ পৰিয়ালৰ সদস্যসকলৰ থকাৰ সুবিধা কৰাৰ বাবে ক্ৰিকেট অষ্ট্ৰেলিয়াক অনুৰোধ কৰিছিল গাংগুলীয়ে।

ক্ৰিকেট অষ্ট্ৰেলিয়াই এই অনুৰোধত সন্মতি জনাইছে। কৰ’নাৰ পৰিস্থিতিত বিচিচিআইৰ তৰফৰ পৰা প্ৰথমে পৰিয়ালৰ কোনো সদস্যক অষ্ট্ৰেলিয়ালৈ যোৱাৰ বাবে বৰ্ডে অনুমতি দিয়া নাছিল ।কিন্তু একাংশ জ্যেষ্ঠ ক্ৰিকেটাৰৰ অনুৰোধত ব’ৰ্ডে মত সলনি কৰে ৷এই ক্ষেত্ৰত বিশেষ ভূমিকা লয় গাংগুলীয়ে।

জাদেজাৰ দৰে একাংশ ক্ৰিকেটাৰে আই পি এল লৈ পৰিয়ালক লৈ যোৱা নাই ।আঢ়ৈ মাহৰ অষ্ট্ৰেলিয়া ভ্ৰমণতো পত্নী সন্তান আদি নাথাকিলে তেওঁলোক প্ৰায় ছমাহ পৰিয়ালৰ পৰা পৃথক হৈ থাকিব লাগিব ।কৰ’না কালত কোৱাৰেন্টাইনত থকাৰ মানসিক অস্বস্তিৰ কথা চিন্তা কৰিয়ে এই সিদ্ধান্ত সলনি কৰা হয়।

Exit mobile version