এইবাৰ অনলাইনত অনুষ্ঠিত হ’ব ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতা

WhatsApp Image 2020 10 31 at 11.09.14 AM

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত বহু নীতি  নিয়ম সলনি হৈছে। কৰ’নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ কলকাতা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ অহা বছৰ জানুৱাৰীলৈ পিছুৱাই দিয়া হৈছে ।এইবাৰ নিয়ম নীতি সলনি কৰা হ’ল বিখ্যাত সৌন্দৰ্য প্ৰতিযোগিতা ফেমিনা মিছ ইণ্ডিয়াৰ ৷এই প্ৰতিযোগিতাৰ অডিছন পৰ্ব এইবাৰ অনলাইনৰ জৰিয়তে অনুষ্ঠিত কৰা হ’ব।

ইতিমধ্যে অডিছন পৰ্ব আৰম্ভ হৈছে আৰু প্ৰতিযোগীসকলে ৰূপছু এপৰ জৰিয়তে আবেদন জনাব পাৰিব। দেশৰ ২৮ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল দিল্লী আৰু জম্মু কাশ্মীৰৰ পৰা প্ৰাৰ্থীয়ে আবেদন জমা দিব পাৰিব৷ প্ৰতিযোগীয়ে নিজৰ অডিছন ভিডিঅ’ তৈয়াৰ কৰিও প্ৰেৰণ কৰিব লাগিব। পূৰ্বে মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশ ল’বলৈ হ’লে প্ৰাৰ্থীৰ শাৰীৰিক উচ্চতা পাঁচ ফুট পাঁচ ইঞ্চি হ’ব লাগিছিল।

এইবাৰ উচ্চতা পাঁচ ফুট তিনি ইঞ্চিলৈ হ্ৰাস কৰা হৈছে। অহা দুই নৱেম্বৰলৈকে প্ৰতিযোগীয়ে অডিছন অ’ডিঅ’ প্ৰেৰণ কৰিব লাগিব। এই সময়ৰ ভিতৰত যিসকলে ভিডিঅ’ প্ৰেৰণ কৰিব তেওঁলোকৰ মাজৰ পৰা ৩১জনক নিৰ্বাচন কৰা হ’ব আৰু তেওঁলোকক মুম্বাইলৈ মাতি নি নেহা ধুপিয়াৰ তত্ত্বাৱধানত প্ৰশিক্ষণ দিয়া হ’ব। অহা ফ্ৰেব্ৰুৱাৰীত মিছ ইণ্ডিয়াৰ চূড়ান্ত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব আৰু কালাৰ্ছ টেলিভিচনত এই প্ৰতিযোগিতাৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হ’ব।

Exit mobile version