কুম্ভিৰা নৈত অবৈধ খনন বন্ধৰ দাবী

0c3c4314 7f97 4ed7 89e1 d4900a931eee

কুম্ভিৰা নদীত অবৈধ খনন বন্ধৰ দাবীত বাক্সা জিলাৰ শালবাৰীৰ খয়ৰবাৰীত নৈৰ বুকুৰ একাঁঠু পানীত নামি স্থানীয় ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷উল্লেখ্য যে শালবাৰীৰ খয়ৰবাৰীৰ মাজেৰে বৈ যোৱা কুম্ভিৰা নদীত একাংশ অসাধু ব্যৱসায়ীয়ে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো ধৰণৰ অনুমতি নোলোৱাকৈ দিনে নিশাই জেচিবি,ককলেণ্ড ব্যৱহাৰ কৰি শিল বালি খান্দি সেইয়া ডাম্পাৰ,ট্ৰেক্টৰ আদিৰে বিভিন্ন ঠাইলৈ লৈ যায় ৷

বিগত প্ৰায় কুৰিদিন ধৰি দিনে নিশাই কুম্ভিৰা নৈৰ বুকুত অবৈধ খনন চলাৰ পৰিণতিত নৈখনক সংযোগ কৰি থকা উত্তৰ আৰু দক্ষিণ খয়ৰবাৰী গাঁৱৰ গঞাৰ এতিয়া যাতায়াতৰ ক্ষেত্ৰত বাৰুকৈয়ে সমস্যাই দেখা দিছে৷খৰালি নৈখনৰ পানী শুকাই কমি গ’লে উত্তৰ আৰু দক্ষিণ খয়ৰবাৰীৰ ৰাইজে নৈখনক সংযোগ কৰা পথেৰে আহযাহ কৰে৷

কিন্তু এতিয়া সেই ঠাইখিনিৰ পৰা শিলবালি খান্দি নি থকাৰ বাবে ঠায়ে ঠায়ে সৃষ্টি হৈ দ’ দ’ গাঁত৷যাৰ পৰিপ্ৰেক্ষিতত অনাগত দিনত সমীপৱৰ্তী সোণপেৰাবড়ী আৰু খয়ৰবাৰী গাঁৱলৈ গৰাখহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াই আনিব ৷

যাৰ বাবে অতিষ্ঠ হৈ অঞ্চলটোৰ পুৰুষ-মহিলা-শিশু-বৃদ্ধাকে ধৰি বহু ৰাইজে ওলাই আহি কালি নৈৰ বুকুত অবৈধ খননকাৰ্য বন্ধ কৰাৰ দাবীত কুম্ভিৰা নৈৰ বুকুৰ একাঁঠু পানীত নামি নদী খন্দা বন্ধ কৰক,অবৈধভাৱে শিলবালি নিয়া বন্ধ কৰক আদি বিভিন্ন শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ এইক্ষেত্ৰত শালবাৰী মহকুমা প্ৰশাসন,বাক্সা জিলা প্ৰশাসন তথা চৰকাৰক নদীৰ বুকু খন্দা বন্ধ কৰিবলৈ ৰাইজৰ ফালৰপৰা দাবী উত্থাপন কৰা হয়৷

Exit mobile version