পদপথৰ ব্যৱসায়ীৰ ঋণতো দুৰ্নীতি

50e867ea e3bc 447b bb5c 94738237ef1f

দৈনিক উপাৰ্জনেৰে জীৱন অতিবাহিত কৰা পদপথৰ ব্যৱসায়ীসকলে কৰ’না সৃষ্ট তলাবন্ধৰ সময়ত কি পৰিস্থিতিৰ সন্মুখীন হৈছিল নকৈ কোৱাৰ প্ৰয়োজন নাই ।এই ক্ষুদ্ৰ ব্যৱসায়ীসকলক সকাহ দিয়াৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে পি এম ষ্ট্ৰীট ভেণ্ডৰ্ছ আত্মনিৰ্ভৰ আঁচনি আৰম্ভ কৰিছিল। কিন্তু চৰকাৰৰ অন্যান্য আঁচনিৰ দৰেই অসমত এই আঁচনিতো ভুৱা হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

উল্লেখযোগ্য যে এটা দিন উপাৰ্জন বন্ধ হ’লেই পৰিয়াল পোহপাল দিয়াত সমস্যাৰ সন্মুখীন হোৱা ৰাজ্যৰ প্ৰায় চাৰি লাখ পদপথৰ ব্যৱসায়ীৰ তলাবন্ধৰ সময়ছোৱাত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছিল৷একাংশ হৃদয়বান ব্যক্তি তথা স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত এই দিনবোৰ কোনোমতে পাৰ কৰাৰ পাছত অধিকাংশই সামান্য মূলধনৰ অভাৱত পুনৰ ব্যৱসায় আৰম্ভ কৰিবলৈ সক্ষম হোৱা নাই।

এই ব্যৱসায়ীসকলক সকাহ দিবলৈকে কেন্দ্ৰীয় চৰকাৰে পি এম ষ্ট্ৰীট ভেণ্ডৰ্ছ আত্মনিৰ্ভৰ আঁচনি ঘোষণা কৰিছিল যদিও বিশেষকৈ আধাৰ কাৰ্ড নথকাৰ বাবেই ৰাজ্যৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে এতিয়াও ইয়াৰ সুবিধা লাভৰ পৰা বঞ্চিত হৈছে ।উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে দেশৰ ৫০ লাখ পদপথৰ ব্যৱসায়ীক ১০ হেজাৰ টকাকৈ ঋণ দিয়াৰ এক ব্যৱস্থা কৰি বন্ধ হৈ পৰা ব্যৱসায় পুনৰোজ্জীৱিত কৰাৰ এক প্ৰচেষ্টা হাতত লৈছে ।

কিন্তু আধাৰ কাৰ্ডৰ অভাৱত এই আঁচনিৰ পৰা হেজাৰ হেজাৰ পদপথৰ ব্যৱসায়ী বঞ্চিত হোৱাৰ বিপৰীতে ভূতৰ ওপৰত দানৱ পৰা দি প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি ভুৱা হিতাধিকাৰীৰে আঁচনিখনৰ তালিকা ভৰি পৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম পদপথ ব্যৱসায়ী সন্থাই ৷সন্থাৰ সভাপতি নৰেন ৰাজবংশী আৰু সম্পাদক চন্দন গোস্বামীয়ে এই সংক্ৰান্তত কয়”পি এম ষ্ট্ৰীট ভেণ্ডৰ্ছ আত্মনিৰ্ভৰ আঁচনিৰ সুবিধা প্ৰদান অৰ্থে এ এছ ইউ এল এমে মহানগৰীৰ ১০ টা স্থানত অনলাইন আবেদন কেন্দ্ৰ স্থাপন কৰিছে।

সমান্তৰালভাৱে এতিয়াৰ পৰা নিদিষ্ট অঞ্চলে অঞ্চলে চৰকাৰী বিষয়া গৈ আবেদন কৰা প্ৰক্ৰিয়া আৰম্ভ কৰিছে পৌৰ নিগমে ৷তাৰ অংশৰূপে ছয়মাইলত ইয়াৰ কাম আৰম্ভ কৰা হয় ৷কিন্তু এই প্ৰক্ৰিয়াত ভূৱা হিতাধিকাৰীৰ নাম অন্তভূক্ত হোৱাৰ অৱকাশ আছে ৷”

আনহাতে অনলাইন আবেদন কেন্দ্ৰসমূহেও প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে আত্মসহায়ক গোটক এই আঁচনিত অন্তৰ্ভুক্ত কৰাৰ অভিযোগ উত্থাপন কৰে ৷ইফালে চৰকাৰী পক্ষই আঁচনিখনৰ প্ৰচাৰৰ ক্ষেত্ৰত কোনো গুৰুত্ব নোলোৱাৰ অভিযোগ তুলি একাংশ পদপথৰ ব্যৱসায়ীয়ে ৰাজ্যত আধাৰ কাৰ্ড উলিওৱাৰ ব্যৱস্থা সূচল নোহোৱাৰ বাবেই বহুতেই এই আঁচনিৰ আবেদনত হাৰাশাস্তিৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰিছে সন্থাই ৷

ফলত আধাৰ কাৰ্ডৰ অভাৱত অন্যান্য ৰাজ্যৰ তুলনাত অসমত মাত্ৰ সাত হেজাৰ পদপথৰ ব্যৱসায়ীয়ে এতিয়ালৈকে এই আঁচনিত আবেদন কৰিবলৈ সক্ষম হৈছে ।উল্লেখযোগ্য যে ৫০ লাখ ব্যৱসায়ীয়ে আবেদন কৰিব পৰা এই আঁচনিত বৰ্তমানলৈ দেশত প্ৰায় ২৫ লাখ আবেদন কৰিছে।

Exit mobile version